NORTHEAST NOW (Assamese)
অসম

আইন উলংঘাৰে শিক্ষানুষ্ঠানৰ দাঁতিতে চলি আছে ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 28, 2019 8:44 pm
Tobacco selling Greater Guwahati Paan Shop Business Association says no to Gutkha, Paan Masala

গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰ ওচৰত ‘দা চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্টছ এক্ট’- ২০০৩ক অংগুষ্ঠ প্ৰদৰ্শন কৰি এতিয়াও ব্যৱস্যায়িক প্ৰতিষ্ঠান তথা ব্যৱসায়ী সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি থকাৰ ভয়াবহ তথ্য পোহৰলৈ আহিছে।

কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ’ৰামৰ তত্ত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ  ৯ জনীয়া শিক্ষাৰ্থীৰ এটা দলে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চলোৱা মাহজোৰা সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধ্যয়নকাৰী দলটোৱে গুৱাহাটী মহানগৰীৰ ৩৬টা ৱাৰ্ডৰ ২৩৩ খন শিক্ষানুষ্ঠানক সামৰি এই ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায়।

অধ্যয়নকাৰী দলটোৱে শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ‌ব্যাসাৰ্ধত ধঁপাতযুক্ত সামগ্ৰীৰ ‘বিক্ৰী আৰু বিজ্ঞাপন’ সন্দৰ্ভত অধ্যয়ন চলাইছিল।

অধ্যয়নৰ তথ্য মতে গুৱাহাটীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে। তদুপৰি শিক্ষানুষ্ঠানৰ ওচৰত থকা ৪৮.৯৩ শতাংশ দোকানতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপন আছে।

অধ্যয়নত প্ৰকাশ পোৱা মতে শিক্ষানুষ্ঠানৰ ওচৰত থকা ৫৬.৮0 শতাংশ দোকানত মুকলি ভাৱে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ধঁপাত তথা গুটখা জাতীয় সামগ্ৰী ৰাখি থয়। শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যায়াৰ্ধত বিক্ৰী কৰা এনেবোৰ সামগ্ৰীৰ মূল গ্ৰাহক হ’ল ছাত্ৰ-ছাত্ৰী।

উল্লেখযোগ্য যে ২০০৩ চনৰ ধঁপাত সম্পৰ্কীয় আইন মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে তথা বিজ্ঞাপনো দিব নোৱাৰে।

এই নিয়ম ভংগ কৰা সকল আইন মতে দণ্ডনীয়। এই আইন ভংগ কৰা সকলৰ ২ বছৰৰ পৰা ৫ বছৰলৈকে কাৰাবন্দীৰ লগতে ১০০০ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনাও হ’ব পাৰে। কিন্তু প্ৰকৃততে এইবোৰ এতিয়া ধোৱাচাঙত। প্ৰশাসনৰ সন্মুখতে মুকলিভাৱে উলংঘা হৈ আছে আইন।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই অধ্যয়নকাৰী দলটোৰ চন্দ্ৰজ্যোতি মিশ্ৰ, মণিকৰ্ণিকা দত্ত, প্ৰিয়ংকা চেতিয়া, প্ৰিয়াংকি গগৈ, ৰানীশ্ৰী মৰাণ,ৰিকি বৰা, চাৰকিৰি ৰংপি, চিমৰণ সাহা,  চৰনামিকা চৌধুৰী আছিল।