NORTHEAST NOW (Assamese)

সুখবৰ : বিক্ৰীৰ লগতে খাব পাৰিব গাহৰি মাংস; মন্ত্ৰীয়ে জনালে ক’ত কেনেদৰে হ’ব উপলব্ধ

May 26, 2020 7:19 pm · দীপজ্যোতি শৰ্মা
Updated: May 27, 2020 5:46 pm
ফটো : নৰ্থ-ইষ্ট নাও

‍‘১০০ বছৰ হ’ল আফ্ৰিকান চোৱাইন ফিভাৰৰ ভেকচিন ওলোৱা নাই। ই ক’ৰ’নাৰ বাপেক’, পশু চিকিৎসা মহাবিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কৃষি মন্ত্ৰী মন্ত্ৰী অতুল বৰাই৷

বৰাই কয়, ‍‘বিশ্বনাথ জিলাৰ বৰতামূলী গাঁও, ধেমাজীৰ পিপলগুৰী, শিৱসাগৰৰ কটীয়ৰী, ভাটগছ, নিতাইপুখুৰী, খেলুৱৈ, যোৰহাটৰ বৰমুকলি গাঁও, কামৰূপ মহানগৰৰ গড়চুককে ধৰি মুঠ ৭টা স্থানক চোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে’৷

লগতে মন্ত্ৰী বৰাই কয়, ‍‘এই অভিকেন্দ্ৰসমূহৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক আক্ৰান্ত এলেকা আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক নিৰীক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হ’ব। এইসমূহত বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস। কিন্তু অন্য ঠাইত বিক্ৰী কৰাৰ লগতে খাব পাৰিব গাহৰি মাংস’৷

বৰ্তমানলৈ আফ্ৰিকান চোৱাইন ফিভাৰত ৰাজ্যখনত ১৫৮৬৭ টা গাহৰীৰ মৃত্যু হৈছে৷ গাহৰী বিক্ৰী নিষিদ্ধ আছিল চোৱাইন ফিভাৰৰ বাবে।

‍‘আমাৰ বিভাগে ৰাইজক সজাগ সচেতন কৰে সেয়ে ই অধিক সংক্ৰমিত হ’ব পৰা নাই, ৰাইজক সজাগ কৰিবলৈ আমি প্ৰস্তুত’, বুলি বৰাই কয়।

আনহাতে বৰাই কয়, ‍‘বনৰীয়া গাহৰীৰ তাত যাতে ই সংক্ৰমিত নহয় তাৰ বাবে বন বিভাগৰৰ লগত কথা পতা হৈছে। এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু প্ৰশাসনে সহায কৰিছে’।

‍‘কিছু ঠাইত সজাগ সচেতন হোৱা নাই ৰাইজ। মুকলি হৈ ঘূৰি ফুৰা গাহৰি বেছি আক্ৰান্ত হৈছে’, বুলি জনাই বৰাই।

Related News