NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি ৫৯সংখ্যক শিক্ষক দিৱস পালন

September 5, 2020 6:20 pm · মানস প্ৰতিম গগৈ
Updated: September 5, 2020 6:29 pm

মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি ৫৯সংখ্যক শিক্ষক দিৱস মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত হৈ যায়।

মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক উৎপল কোঁৱৰে আঁ‌ত ধৰা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি লক্ষ্মীনাথ হালৱা দেৱে।

সভাই মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজ কৰ্মী, কবি তথা ২০২০ বৰ্ষৰ সাংবাদিক পেঞ্চনাৰ গকুল কৃষ্ণ শৰ্মা বিয়োগত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।

আজিৰ সভাৰ মাজতে ছাত্ৰ নেতা ৰাজীৱ বৰুৱাই মাস্ক বিতৰণ কৰে।

মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা ১৩ জন মহকুমা শিক্ষক সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়া লক্ষ্মীনাথ হালৱা, মহেন্দ্ৰ মৰাণ, পিনাকী শইকীয়া, কুলধৰ গগৈ, জগত সোণোৱাল, শৰৎ নাথ, ডিম্বেশ্বৰ গগৈ, দৌলত শইকীয়া, মুনিন বৰুৱা লগতে কৰ্মৰত বাসন্তী বৰুৱা, অজিত কোঁৱৰ আৰু জয়ন্ত শৰ্মাক সম্বৰ্দ্ধনা জনোৱা হয়।

আজিৰ সভাত সংবাদ কৰ্মী সমীৰণ বৰঠাকুৰক সম্বৰ্দ্ধনা জনোৱা হয়।

Related News