NORTHEAST NOW (Assamese)
অসম

বৰপেটাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গণ সমদল

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 29, 2019 3:29 pm
Garia Moria Rally

এন আৰ চিত বাদ পৰা গৰিয়া মৰিয়া দেশী খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলক বিনাচৰ্তে বিশেষ ব্যৱস্থাৰে নাম অন্তৰ্ভুক্ত কৰা আৰু গৰিয়া মৰিয়া দেশী সকলৰ সুকীয়া আৰ্থ সামাজিক জৰীপৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবীত আজি বৰপেটা চহৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে এক বিশাল গণ সমদল উলিয়ায়।

বৰপেটা পৌৰসভাৰ পৰা দিনৰ প্ৰায় ১১ বজাত এই গণ সমদল উলিওৱা হয়। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি হাফিজুল আহমেদ, সম্পাদক আজিজুৰ ৰহমান, জিলা সমিতিৰ সভাপতি আতিকুল হকৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা আৰু সহস্ৰাধিক কৰ্মী উপস্থিত থাকে।

এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিৰ নেতা কৰ্মী, খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ নেতা গোবিন্দ গায়নো উপস্থিত থাকে।