NORTHEAST NOW (Assamese)
দেশ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2025 3:36 pm

আজি আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাৰ অন্তিম তাৰিখ। আয়কৰ বিভাগে জনাইছে যে আই টি আৰ দাখিলৰ তাৰিখ বৃদ্ধি কৰা হোৱা নাই।

দৰাচলতে বিগত সময়ত এনে খবৰ আহিছিল যে আই টি আৰ দাখিলৰ শেষ তাৰিখ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। আয়কৰ বিভাগে এই খবৰক ভুৱা বুলি অভিহিত কৰিছে।

আয়কৰ বিভাগে নিজৰ অফিচিয়েল ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে জনাইছে যে, “এটা ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে, ত কোৱা হৈছে যে আইটিআৰ দাখিলৰ শেষ তাৰিখ ৩০.০৯.২০২৫ লৈ বৃদ্ধি কৰা হৈছে।

বিভাগটোৱে কয় যে আইটিআৰ দাখিলৰ শেষ তাৰিখ ১৫.০৯.২০২৫।

চলিত বৰ্ষৰ বাজেট ঘোষণা কৰাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন কৰ ফলক ঘোষণা কৰিছিল। এই ঘোষণা অনুসৰি যদি কোনো ব্যক্তিৰ বাৰ্ষিক আয় ১২ লাখ টকাতকৈ কম হয়, তেন্তে তেওঁ আয়কৰ দিব নালাগে।