NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফীৰ দুয়োখন ছেমিফাইনেল

Posted by: এন ই নাও নিউজ November 6, 2018 10:23 am
Bordoloi Trophy

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৬৫ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফীৰ আজি দুয়োখন ছেমিফাইনেল অনুষ্ঠিত হ’ব।

জানিব পৰা মতে দুয়োখন ছেমিফাইনেল খেল গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই ঐতিহাসিক সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমিফাইনেল মেচত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কলকাতাৰ মহমেদাম স্পৰ্টিং ক্লাব আৰু জলন্ধৰৰ বি এছ এফে।

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত দুলীয়াজনৰ অইল ইণ্ডিয়া ফুটবল ক্লাবে ইম্ফলৰ ট্ৰাও এফ চিৰ বিৰুদ্ধে খেলিব। লক্ষ্যণীয় যে প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল মেচ অহা ৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছু অসুবিধাৰ বাবে পূৰ্বৰ সূচীৰ সালসলনি কৰি আজি সন্ধিয়া ৫ বজাত মেচখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজকে।

ইয়াৰ উপৰি দুয়োখন ছেমিফাইনেলৰ বাবে টিকটৰ ব্যৱস্থা কৰা বুলিও আয়োজকে জানিবলৈ দিয়ে। আজি দুপৰীয়া ১ বজাৰ পৰা দৰ্শকসকলে টিকটসমূহ ক্ৰয় কৰিব পাৰিব বুলি জনায়।

আনহাতে দৰ্শকৰ সুবিধাৰ্থে মাত্ৰ ৪০ টকাতে এটা টিকট ক্ৰয় কৰি দুয়োখন ছেমিফাইনেল মেচ উপভোগ কৰিব পাৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।