NORTHEAST NOW (Assamese)
অসম

শেষ মুহূর্তত বাতিল হ’ব পাৰে অলিম্পিক গেমছ! কি ক’লে আয়োজক কমিটিৰ মুৰব্বীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2021 8:43 pm
tokyo-olympic-750x351

আশংকা এটা আছিলেই আৰু সেই আশংকাক নতুন মাত্ৰা দিলে অলিম্পিক আয়োজক কমিটিৰ মুৰব্বী টেছিৰো মূটোই।

মূটোই জানিবলৈ দিয়ে যে আয়োজক কমিটিয়ে কৰ’না মোকাবিলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তথাপি যদি পৰিস্থিতিয়ে দাবী কৰে তেতিয়া গেমছ বাতিল কৰা হ’ব পাৰে।

টকিঅ’ত মঙলবাৰে এক সংবাদমেলত মূটোই কয় যে কৰ’নাত আক্ৰান্তৰ সংখ্য সঠিককৈ কিমান হ’ব সেয়া আগতীয়াকৈ ক’ব নোৱাৰো। কিন্তু ইয়াক প্ৰতিৰোধ কৰাৰ বাবে আমি চেষ্টা চলাই যাব পাৰো।

তেওঁ লগতে কয় যে এই মুহূৰ্তত কৰ’না আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বা হ্ৰাস পাবও পাৰে। যদি দেখা যায় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যায় তেতিয়া সেই অনুসৰি সিদ্ধান্ত লোৱা হ’ব।

বৰ্তমান টকিঅ’ত কৰ’নাৰ সংক্ৰমণ বহুত বৃদ্ধি পাইছে। যোৱা বছৰ কৰ’নাৰ বাবেই অলিম্পিক এবছৰৰ বাবে পিছুৱাই দিয়া হৈছিল।

এইবাৰ দৰ্শক অবিহনে অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও এইবাৰো কৰ’নাৰ বাবে গেমছ বাতিল কৰা সম্ভাৱনা আছে।

বাতৰি অনুসৰি, আৰু কেইগৰাকীমান এথলেটৰ কৰ’না পজিটিভ ধৰা পৰিছে যদিও এতিয়ালৈকে সেয়া আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।