NORTHEAST NOW (Assamese)
অসম

ৰহস্যজনক মৃত্যু ধৰ্মগুৰুৰ ! দাবী উঠিছে চি বি আই তদন্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2021 7:09 pm
Narendra Giri

হিন্দুৰ সুৰক্ষাৰ কথা কোৱা কট্টৰ হিন্দুত্ববাদী যোগী আদিত্যনাথ চৰকাৰৰ কালতে উত্তৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু হৈছে এজন প্ৰসিদ্ধ ধৰ্মগুৰুৰ।

অখিল ভাৰতীয় অখণ্ড পৰিষদ নামৰ এটা ধৰ্মীয় সংস্থাৰ মুৰব্বী ধৰ্মগুৰুজনৰ নাম মহন্ত নৰেন্দ্ৰ গিৰি। সোমবাৰে আবেলি ধৰ্মগুৰুজনক প্ৰয়াগৰাজৰ বাঘম্বৰী মথৰ নিজা কোঠালিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

প্ৰথম অৱস্থাত ধৰ্মগুৰুজনে আত্মহত্যা কৰা বুলি অনুমান কৰা হয়। ইয়াৰোপৰি আৰক্ষীয়ে এটা ছুইচাইড নোটো উদ্ধাৰ কৰে।

ছুইচাইড নোটটোত নিজৰ ডিপ্ৰেচনৰ কথা ধৰ্মগুৰুজনে লিখি থৈ যোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনকি ছুইচাইড নোটটোত ধৰ্মগুৰুজনে তেওঁৰ এজন শিষ্যৰ নামো উল্লেখ কৰিছে। পাছত আৰক্ষীয়ে আনন্দ গিৰি নামৰ উক্ত শিষ্যজনক গ্ৰেপ্তাৰ কৰে। তাৰপাছতে সমস্ত ঘটনাৱলী ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

জানিব পৰামতে, যোৱা মে’ মাহলৈকে শিষ্য আনন্দ গিৰি তেওঁৰ গুৰু নৰেন্দ্ৰ গিৰিৰ স’তে একেলগে আছিল। কিন্তু বিত্তীয় অনিয়ম আৰু প্ৰৱঞ্চনাৰ অভিযোগত গুৰু নৰেন্দ্ৰ গিৰিয়ে শিষ্যজনক নিলম্বন কৰে। তাৰপাছতে দুয়োৰে মাজত সংঘাত আৰম্ভ হয়।

উল্লেখযোগ্য নৰেন্দ্ৰ গিৰি এজন প্ৰভাৱশালী ধৰ্মীয় গুৰু আছিল। বহুকেইজন শীৰ্ষ ৰাজনীতিবিদৰ স’তেও তেওঁৰ সুসম্পৰ্ক আছিল।

তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে এটা শোকপ্ৰকাশ কৰি কয় যে বিভিন্ন পন্থাৰ সন্তসকলৰ মাজত সমন্বয় সাধন কৰাত নৰেন্দ্ৰ গিৰিয়ে মুখ্য ভূমিকা লৈছিল।

আনহাতে, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ধৰ্মগুৰুজনাৰ মৃত্যুৰ স’তে জড়িত অপৰাধীসকলক ৰেহাই দিয়া নহ’ব।

এই সম্পৰ্কত এটা বিশেষ তদন্তকাৰী দলে গঠন কৰা হৈছে বুলিও ৰাজ্যখনৰ আৰক্ষীয়ে জনাইছে। ইতিমধ্যে শিৱ সেনা, সমাজবাদী পাৰ্টিয়ে ধৰ্মগুৰুজনৰ মৃত্যুৰ অনুসন্ধান চিবিআইৰ হাতত দিবলৈ দাবী জনাইছে।