NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ ৪ জন কৰ’না আক্ৰান্ত; ৰাজ্যত ২০ জনলৈ বৃদ্ধি পালে কৰ’না ৰোগী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 3, 2020 5:42 pm

অসমত কৰ’না আক্ৰান্তৰ সংখ্যা আকৌ ৪ জন বৃদ্ধি পালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা জনাইছে ৷

ইয়াৰ ফলত বৰ্তমানলৈ অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২০ জন হ’লগৈ ৷

শুকুৰবাৰে প্ৰকাশ কৰা আক্ৰান্ত সকলৰ ভিতৰত তিনিজন নলবাৰীৰ আৰু এজন দক্ষিণ শালমাৰাৰ ৷

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ পৰা তবলিগী জামাতৰ পৰা প্ৰচাৰৰ বাবে ১৯ মাৰ্চৰ পৰা ২২ মাৰ্চৰ ভিতৰত নলবাৰীলৈ আহিছিল উক্ত তিনিজন কৰ’না আক্ৰান্ত লোক।

তেওঁলোক তিনিওজনে নলবাৰীৰ মাল্লাপাৰাত আত্মগোপন কৰি আছিল।

বৃহস্পতিবাৰে সৰুসজাইলৈ অনা হৈছিল তিনিওজন লোককে। বৰ্তমান তেওঁলোকক এম এম চি হাস্পাতললৈ নিয়া হ’ব।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা আন ৩জন কৰ’না আক্ৰান্ত লোকৰ কথা পোহৰলৈ আহে।

আনহাতে, অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ আছিল। ইয়াৰ ভিতৰত জাগীৰোডৰ ৩জন, নলবাৰীৰ এজন আৰু কৰিমগঞ্জৰ এজন আৰু বাকী ৮জন গোলাঘাটৰ আছিল।

গোলাঘাট জিলাৰ আক্ৰান্ত কেইজন আছিল ক্ৰমে, ৱাহিদা বেগম (দেৰগাওঁ), আনোৱাৰ হুছেইন (দেৰগাওঁ), আইদৰ আলি (মৰঙী), য়াকুব আলি (মেৰাপানী), জেচমিনা বেগম (মেৰাপানী), চালেহা বেগম (মেৰাপানী), এলিনা বেগম (মৰঙী) আৰু ৰুমা বেগম (মেৰাপানী)।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰীক্ষাৰ পিছত তেওঁলোকক COVID-19 আক্ৰান্ত পোৱা গৈছিল।

তদুপৰি,নলবাৰীৰ মঃ আৰ্শ্বাদ আলি (১৯) আৰু জাগীৰোডৰ মঃ হজৰত আলি (৬০), মঃ নুৰুদ্দিন (৫৫) আৰু মঃ জোনাব আলি (৪৬) নামৰ চাৰিজন ৰোগী চিনাক্ত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে বৰ্তমানলৈ আক্ৰান্ত ২০ জনৰ আটাইকেইজনেই নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশ গ্ৰহণ কৰিছিল।

যোৱা মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া মঃ জামালুদ্দিন নামৰ ব্যক্তিজন অসমৰ প্ৰথম COVID-19 আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

আনহাতে, দিল্লীতো অসমৰ চাৰিজন লোক COVID-19 পজিটিভৰূপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।