NORTHEAST NOW (Assamese)
Popular Stories

চাঞ্চল্যকৰ! হাতত ৰাইফল লৈ মেঘালয়ত প্ৰৱেশ দুই বাংলাদেশী সেনা জোৱানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2023 5:56 pm

মেঘালয়ত সংঘটিত হৈছ এক চাঞ্চল্যকৰ ঘটনা। বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুই জোৱানে হাতত বন্দুক লৈ মেঘালয়ত প্ৰৱেশ কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনত। 

খবৰ অনুসৰি বুধবাৰে বিয়লি প্ৰায় ৪ বজাত বাংলাদেশ সীমান্ত সুৰক্ষাৰ দুগৰাকী জোৱানে অস্ত্ৰসহ মেঘালয়ত প্ৰৱেশ কৰে। বাংলাদেশৰ জোৱান দুজনক দেখা পাই স্থানীয় লোকসকলে জোৱান দুজনক খেদি খেদি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠায়। 

এই ঘটনাৰ এটা ভিডিঅ’ নেট জগতত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়েও এই সমগ্ৰ বিষয়টোক লৈ বাংলাদেশ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। 

খবৰ অনুসৰি বাংলাদেশৰ দুজন সেনা জোৱানে ভুলতে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। বাংলাদেশে দাবী কৰিছে যে তেওঁলোকে ভুলতে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে কোনো ভাৰতীয়ক হাৰাশাস্তি কৰা নাছিল।

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰঙাৰা অঞ্চলত বাংলাদেশ সীমান্তৰ দুই জোৱান প্ৰৱেশ কৰিছিল। দুয়োৰে হাতত আছিল এছাল্ট ৰাইফল আৰু লাঠি। দুয়োজনে সেনা বাহিনীৰ পোছাক পৰিধান কৰি আছিল । 

মেঘালয়ৰ বাসিন্দাসকলে নিজৰ ভূখণ্ডত দুজন বাংলাদেশী জোৱানক দেখি স্তম্ভিত হৈ পৰিছিল আৰু তাৰ পিছত বাংলাদেশী জোৱান দুজনক খেদি খেদি বাংলাদেশলৈ উভতি যাবলৈ বাধ্য কৰাইছিল। 

এই পৰিপ্ৰেক্ষিতত বি এছ এফৰ এজন বিষয়াই কয় যে যিহেতু ৰঙাৰা গাঁওখন সীমান্তৰ ওচৰত অৱস্থিত, সেয়েহে তেওঁলোকে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা বুলি গম পোৱা নাছিল। বিষয়টো সন্দৰ্ভত বিএছএফ আৰু বিজিবিৰ মাজত ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত হয়।