NORTHEAST NOW (Assamese)
অসম

বোকাখাতত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ ব্যাপক অভিযান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 22, 2019 8:46 pm
29regcitdrink

যান-বাহন নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে বোকাখাত মহকুমা আৰক্ষী বিষয়া ডা০ কল্যান দাসৰ নেতৃত্বত গোলাঘাট জিলা পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ মুজিবুদ্দিন আহমেদ আৰু কাজিৰঙাৰ ইন্সপেক্টৰ ঋকৰঞ্জন দাসৰ সহযোগত অভিযান চলোৱা হয়।

বোকাখাতৰ হনুমান মন্দিৰৰ সন্মুখত অভিযানকাৰী দলটোৱে যান-বাহন ভংগকাৰীসকলক জৰিমনা বিহে।

আনহাতে, অভিযান কালত হেলমেট পৰিধান কৰি নহা দুচকীয়া বাহন চালক তথা অনুজ্ঞাপত্ৰ নথকা চালক, পঞ্জীয়ন নকৰা ই-ৰিক্সা আৰু চীট বেল্ট পৰিধান নকৰা চাৰিচকীয়া বাহনৰ চালকক জৰিমনা বিহা হয়।

অভিযান কালত দলটোৱে জৰিমনাৰ বাবদ ৬৬,০০০ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

তদুপৰি, যান-বাহন আৰক্ষীৰ দলটোৱে যান-বাহনৰ ফিটনেছ আৰু পাৰ্মিট সম্পৰ্কীয়া দুটা গোচৰ, অনুজ্ঞাপত্ৰ নথকা, ৰোড পাৰ্মিট নথকা আৰু অধিক বোজা কঢ়িওৱা সম্পৰ্কত ভালেকেইটা গোচৰ পঞ্জীয়ন কৰে।

উল্লেখযোগ্য যে, স্থানীয় জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বোকাখাতত চালকসকলে যান-বাহন আইন ভংগ কৰি অহাৰ অভিযোগ উত্থাপন  কৰি আহিছিল।