NORTHEAST NOW (Assamese)
অটো

১৬,০০০ টকা জৰিমনা; খঙৰ ভমকত বাইক জ্বলাই দিলে সুৰামত্ত আৰোহীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 5:32 pm
Traffic Police

অভিযোগ-সুৰাপান কৰি বাইক চলোৱা। লগত বাইকৰ কোনোধৰণৰ নথি-পত্ৰ নাছিল, আনকি হেলমেটো পৰিধান কৰা নাছিল বাইক আৰোহীয়ে।

ৰাজধানী নতুন দিল্লীৰ এটা অঞ্চলত এগৰাকী বাইক চালকক যান-বাহন আৰক্ষীয়ে ১৬,০০০ টকা জৰিমনা বিহে।

যান-বাহন আৰক্ষীয়ে জৰিমনা বিহাৰ খঙত বাইক আৰোহী গৰাকীয়ে নিজে চলাই অহা বাইকখনকে জ্বলাই দিয়ে।

ঘটনাৰ লগত জড়িত ৰাকেশ নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে মালব্য নগৰ থানাত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক পৰবিন্দৰ সিংহই মালব্য নগৰৰ ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰা হৈছে বুলি জানিবলৈ দিয়ে।

যান-বাহন আৰক্ষীৰ নিয়মীয়া তালাচী অনুসৰি উক্ত দিনা ৰাকেশৰ বাইকখনকো আৰক্ষীয়ে ৰখিবলৈ দিয়ে।

যান-বাহন আৰক্ষীয়ে তেওঁক মদ্যপান কৰি বাইক চলোৱাৰ বাবে ১০,০০০ টকা, কোনো ধৰণৰ নথি-পত্ৰ নথকাৰ বাবে ৫,০০০ টকা আৰু হেলমেট বিহীনভাবে বাইক চলোৱাৰ বাবে ১০০০ টকাৰে মুঠ ১৬,০০০ টকাৰ জৰিমনা বিহে।

আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ খঙত ৰাকেশে বাইকখনত অগ্নি সংযোগ কৰে।

কৰ্তব্যৰত আৰক্ষীয়ে কোনোমতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰে।