NORTHEAST NOW (Assamese)
অসম

অৰুণাচলত উদ্ধাৰ লখিমপুৰৰ সাত বছৰীয়া কন্যা শিশু

Posted by: এন ই নাও নিউজ April 22, 2019 6:38 pm
lakhimpur girl

চাৰিমাহ পূৰ্বে অসমৰ লখিমপুৰ জিলাৰ পৰা সন্ধানহীন হৈ থকা সাত বছৰীয়া কন্যা শিশু এগৰাকীক অৰুণাচল প্ৰদেশৰ মানুহ এঘৰৰ পৰা উদ্ধাৰ কৰা হয়।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ম’ৰি দীৰ্ঘ গাঁওৰ সাত বছৰীয়া কন্যা শিশুগৰাকীক  চৰাইমৰীয়া গাঁওৰ ভোলা গগৈ আৰু চিলনীবাৰি আৰক্ষী চকীৰ দুই নং বালিজান গাঁওৰ অঞ্জনা নায়কে বিগত ৫ জানুৱাৰীত অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল শিশুগৰাকীৰ পিতৃয়ে।

আনহাতে,  পিতৃৰ এজাহাৰৰ ভিত্তিত যদিও অঞ্জনা নায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও সৰবৰাহ কৰা শিশুগৰাকীৰ সন্ধান লাভ কৰা নাছিল।

পৰৱৰ্তী সময়ত লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ৰুনা নেওগৰ তৎপৰতাত বগীনদী আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত শনিবাৰে অৰুণাচল প্ৰদেশৰ গংগা বস্তিৰ পৰা শিশুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেযোগ্য যে, উত্তৰ লখিমপুৰত থকা শিশু কেন্দ্ৰত শিশুগৰাকীক এৰাটি ৰখাৰ পাছত বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।