NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! বানে ডুবাইছে সমগ্ৰ ৰাজ্য : কানিভূৰ নৈত উটি গ’ল এজন ব্যক্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 25, 2024 5:47 pm
মৰ্মান্তিক! বানে ডুবাইছে সমগ্ৰ ৰাজ্য : কানিভূৰ নৈত উটি গ’ল এজন ব্যক্তি

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত। চিৰাং জিলাৰ চিদলীৰ সমীপৰ মিলনপাৰা গাঁৱৰ কানিভূৰ নৈত আজি বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

জানিব পৰা মতে, কানিভূৰ নৈৰ বাঢ়নী পানীৰ সোঁতত এজন খেতিয়ক তথা শ্ৰমিক উটি গৈছে।

আজি পুমিলনপাৰা গাঁৱত খেতি পথাৰত কাম কৰি থকা এজন লোকে খাদ্য খাবলৈ কানিভূৰ নৈ পাৰ কৰি আশ্ৰাবাৰীস্থিত নিজ বাসগৃহলৈ যোৱাৰ সময়তে হঠাতেই কানিভূৰ নৈৰ জলস্তৰ বৃদ্ধি পোৱাত পানীৰ সোঁতত উটি যায়।

জানিব পৰা মতে সোঁতত উটি যোৱা কৃষক জন বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আশ্ৰাবাৰী গাঁৱৰ শম্ভূনাথ বসুমতাৰী ওৰফে সৌমব্লা বসুমতাৰী।