NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ঋণ পৰিশোধ কৰিবলৈ সদ্যজাত কন্যাক ৫৬০০০ টকাত বিক্ৰী পিতৃৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2024 8:55 am
মৰ্মান্তিক! ঋণ পৰিশোধ কৰিবলৈ সদ্যজাত কন্যাক ৫৬০০০ টকাত বিক্ৰী পিতৃৰ

ঋণ পৰিশোধ কৰিবলৈ এজন ব্যক্তিয়ে এহাল দম্পতীক নৱজাত কন্যা সন্তানক ৫৬ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ গাংগীৰি থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম চৰণ সিং। পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চৰণক। ইতিমধ্যে ক্ৰেতা দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে। পাঁচদিন আগতে মহিলাগৰাকীয়ে কন্যা সন্তান জন্ম দিছিল। কিন্তু তাৰপাছত তেওঁ সন্তানটিক হাস্পতালত বিচাৰি নাপায়৷

ইয়াৰ পাছতে কন্যাগৰাকীৰ মাতৃ অনিতা দেৱী আৰক্ষীৰ কাষ চাপিল। তদন্তত আৰক্ষীয়ে চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰে। তাত এজন ব্যক্তিয়ে শিশুটিক তুলি লোৱা দেখা যায়। এই ফুটেজটো অনিতা দেৱীক দেখুওৱা হৈছিল। ফুটেজটো দেখি তেওঁ আচৰিত হ’ল। তেওঁৰ সন্তানক পিতৃয়ে লৈ যোৱা দেখা পায়৷ ইয়াৰ পাছতে অনিতা দেৱীয়ে স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অনিতা দেৱীৰ স্বামীক আৰক্ষীয়ে তালাচী চলাই গ্ৰেপ্তাৰ কৰে। তেওঁক সোধা-পোছা কৰাৰ অন্তত তদন্তকাৰীয়ে গম পায় যে তেওঁ শিশুটি এহাল দম্পতীক ৫৬ হাজাৰ টকাত বিক্ৰী কৰি ঋণ পৰিশোধ কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে দম্পতীহালক বিচাৰি পায়, দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, শিশুটিক উদ্ধাৰ কৰি মাতৃৰ ওচৰলৈ ঘূৰাই পঠিওৱা হয়।