NORTHEAST NOW (Assamese)
অসম

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2023 5:11 pm
Accident

যোৱা নিশা মুকালমুৱাত সংঘটিত হয় এক শোকাৱহ ঘটনা। মুকালমুৱাৰ ৩ নং বৰবালা চৰত নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

এই শোকাৱহ ঘটনাত নিহত ব্যক্তিগৰাকীৰ নাম শুকুৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে ফুলবৰ আলী নামৰ ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ৩ নং বৰবালাৰ বাসিন্দা ফুলবৰ আলীৰ ঘৰত শুকুৰ আলীয়ে দমকল বহুৱাই থাকোঁতে দমকলৰ পাইপ ওপৰৰে যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হয়।

এই আকস্মিক দুৰ্ঘটনাৰ ফলতে শুকুৰ আলী থিতাতে নিহত হয় আৰু তেওঁৰ সৈতে থকা ফুলবৰ আলী গুৰুতৰভাৱে আহত হয়।

স্থানীয় লোকে দুয়োগৰাকীকে মুকালমুৱা অসামৰিক চিকিৎসলত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে শুকুৰ আলীৰ ইতিপূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে।

আনহাতে আহত ফুলবৰ আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।