NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ পৰা উৎকোচ লৈ নগাঁৱত গ্ৰেপ্তাৰ কোষাগাৰৰ মহিলা বিষয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2021 4:57 pm

ৰাজ্যৰ কোষাগাৰ সমূহৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ দুৰ্নীতি মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰৰ যুদ্ধ ঘোষণা কৰাৰ সময়তে উৎকোচলৈ ধৰা পৰিল নগাওঁ কোষাগাৰৰ এগৰাৰকী মহিলা বিষয়া।

এজন আৰক্ষীৰ লোকৰ পৰা বিল পাছ কৰি দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰি হাটে-লোটে ধৰা পৰা জুনিয়ৰ একাউণ্ট এছিটেণ্ট গৰাকীৰ নাম হৈছে খুছবু হৰলালকা।

মহিলা বিষয়াগৰাকীয়ে নবীন বৰা নামৰ আৰক্ষী কনিষ্টবল গৰাকীৰ পৰা বিল পাছ কৰাৰ নামত ১০০০ টকা উৎকোচ হিচাবে লৈছিল।

মহিলা বিষয়াগৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে কনিষ্টবল নবীন বৰাৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাইছিল আৰু মহিলা বিষয়াগৰাকীক হাটে-লোটে ধৰা পেলাইছিল।