NORTHEAST NOW (Assamese)
অসম

তিনি তালাকৰ গোচৰত স্বামীৰ বাহিৰে শহুৰৰ ঘৰৰ কাকো কৰিব পৰা নাযাব অভিযুক্ত: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 8:13 pm
Supreame-Court-of-India-750x375

উচ্চতম ন্যায়ালয়ে ইছলামধৰ্মী লোকসকলৰ মাজত বৰ্তি থকা বহু বিতৰ্কিত তিনি তালাক ব্যৱস্থা বিলোপ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত দেশত তিনি তালাকৰ ঘটনা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈ পৰিছে।

অৱশ্যে তাৰ মাজতে এতিয়াও কিছু কিছু অঞ্চলত তিনি তালাকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহে।

যি কি নহওঁক, আজি এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত ৰায় দান কৰি উচ্চতম ন্যায়ালয়ে কয় যে তিনি তালাকৰ ঘটনাত নিৰ্যাতিতা মহিলাই কেৱল তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব।

তিনি তালাকৰ গোচৰত কেৱল স্বামীহে অভিযুক্ত হ’ব আৰু স্বামীৰ পৰিয়ালৰ আন কোনো লোকক এই গোচৰত অভিযুক্ত কৰিব পৰা নাযাব।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে এই প্ৰসংগত মন্তব্য কৰি কয় যে তিনি তালাকৰ গোচৰত অভিযুক্ত স্বামীক আদালতে অগ্ৰিম জামিন প্ৰদান কৰাতো কোনো বাধা নাই।

উল্লেখ্য কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে তিনি তালাকৰ গোচৰ তৰিছিল।

কেৰালা উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ স্বামীৰ অগ্ৰিম জামিনো নাকচ কৰিছিল।

ইয়াৰ পিছতে লোক জনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আজি উচ্চতম ন্যায়ালয়ে অভিযুক্তৰ জামিন পোৱাৰ যোগ্য বুলি মন্তব্য কৰে।