NORTHEAST NOW (Assamese)
Popular Stories

কি কৰিবলৈ সাজু আছিল? নিজৰ অতীতক লৈ তৃপ্তি ডিমৰিৰ বিস্ফোৰক মন্তব্য!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2024 3:08 pm

বলীউডৰ অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে ২০১৭ চনৰ পৰা অভিনয় কৰি আহিছে যদিও প্ৰথমে নেটফ্লিক্সত ‘বুলবুল’ নামৰ ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছতে ৰণবীৰ কাপুৰৰ সৈতে ‘এনিমেল’ চিনেমাত অভিনয় কৰি ৰাতিটোৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰে।

শেহতীয়াকৈ তৃপ্তিক দেখা গৈছ কমেডী ছবি বেড নিউজত বিকি কৌশলৰ বিপৰীতে। কিন্তু এসময়ত অভিনেত্ৰীগৰাকী অলপ প্ৰচাৰ পাবলৈ আগ্ৰাসী হৈ পৰিছিল। প্ৰয়োজন হ’লে যিকোনো কাম কৰিবলৈ সাজু আছিল বুলিও অভিনেত্ৰীগৰাকীয়ে কয়।

২০১৮ চনত তেওঁৰ চিনেমা ‘লয়লা মাজনু’ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। ছবিখন বক্স অফিচত হিট হ’ব আৰু ৰাতিটোৰ ভিতৰতে ঘৰুৱা নাম হৈ পৰিব বুলি তৃপ্তিৰ বহু আশা আছিল। কিন্তু বক্স অফিচত ব্যৰ্থ হয় লাইলা মাজনু। তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে আত্মবিশ্বাস হেৰুৱাই ভাঙি পৰিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তৃপ্তি ডিমৰিয়ে কয়, সেই সময়ত মই লাইমলাইটলৈ আহিবলৈ যিকোনো কাম কৰিবলৈ ইচ্ছুক আছিলো। আনকি প্ৰতিযোগী হিচাপে ‘বিগ বছ’ৰ ঘৰলৈ যাবলৈও মন গৈছিল।

তৃপ্তিয়ে লগতে কয়, ‘মই যেতিয়া মুম্বাইলৈ আহিছিলো তেতিয়া মই ইণ্ডাষ্ট্ৰীৰ কাকো চিনি পোৱা নাছিলো। মই অতি অন্তৰ্মুখী আছিলোঁ আৰু পিছলৈ সফলতাৰ লগে লগে দায়িত্ববোধো আহিছিল। আগৰ সন্তুষ্টি আৰু আজিৰ সন্তুষ্টিৰ মাজত মূল পাৰ্থক্যটো হ’ল আত্মবিশ্বাস; এতিয়া ভয়ে মোৰ মাজত কাম নকৰে। জীৱনত ভাৰসাম্য ৰক্ষা কৰি ভাল পাওঁ, অভিনয় মোৰ পেছা।’

সেই সময়ত অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰিছিল যে যিকোনো প্ৰকাৰে খ্যাতি অৰ্জন কৰিব লাগিব। যদিও বৰ্তমান সময়ত তেওঁ এই চিন্তাক এৰি আগুৱাই গৈছে।