NORTHEAST NOW (Assamese)

ত্ৰিপুৰা বিজেপিত কলহ; বিধায়ক সুশান্ত চৌধুৰীৰ ৰাজ্যিক বিজেপিৰ পৰা পদত্যাগ

January 2, 2021 9:59 am · এন ই নাও নিউজ

ত্ৰিপুৰাৰ বিজেপিৰ বিধায়ক সুশান্ত চৌধুৰীয়ে দলৰ ৰাজ্যিক সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সুশান্ত চৌধুৰী মজলিছপুৰ সমষ্টিৰ বিধায়ক আৰু শুকুৰবাৰে এখন সাংবাদমেল সম্বোধন কৰি চোধুৰীয়ে বিজেপিৰ ৰাজ্যিক সমিতিৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে।

সুশান্ত চৌধুৰীৰ ঘনিষ্ঠ বিজেপিৰ মজলিছপুৰ মণ্ডল সভাপতি গৌৰাংগ ভৌমিকক বিজেপিৰ পৰা অপসাৰণ কৰাৰ পাছতে সুশান্ত চৌধুৰীয়ে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গৌৰাংগ ভৌমিকক বৃহস্পতিবাৰে নিশা মজলিছপুৰ মণ্ডল সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল।

দলে ভৌমিকৰ স্থানত সুমিত চক্ৰৱৰ্তীক মণ্ডল সমিতিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰে।

কিছুদিন পূৰ্বে সুশান্ত চৌধুৰীয়ে কিছুদিন পূৰ্বে এটা সমদল বাহিৰ কৰিছিল আৰু উক্ত সমদলটো ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ বিৰোধিতাৰে কৰা সমদল আছিল বুলি ধাৰণা কৰা হৈছিল।

সুশান্ত চৌধুৰীৰ উক্ত সমদল সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত গৌৰাংগ ভৌমিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উক্ত সমদলৰ পাছতে গৌৰাংগ ভৌমিকক ৰাজ্যিক নেতৃত্বই অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই কথাত ক্ষুন্ন হৈ বিধায়ক সুশান্ত চৌধুৰীয়ো ৰাজ্যিক সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয়।

Related News