NORTHEAST NOW (Assamese)

দুৰ্গা পূজাত হাতত মেচিন গানলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ পুত্ৰৰ ফটো; কংগ্ৰেছৰ তীব্ৰ সমালোচনা

October 11, 2019 4:57 pm · এন ই নাও নিউজ
Updated: October 11, 2019 4:58 pm
ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ পুত্ৰ

দুৰ্গা পূজাৰ এখন পেণ্ডেলত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ  কিশোৰ পুত্ৰই হাতত লাইট মেচিন গান লৈ উঠা এখন ফটো ফেইচবুকত পোষ্ট কৰাক লৈ ত্ৰিপুৰা কংগ্ৰেছে কঠোৰ সমালোচনা কৰিছে ৰাজ্য চৰকাৰক।

ঘটনা সন্দৰ্ভত শীঘ্ৰেই তদন্তৰ দাবী জনাই জেষ্ঠ কংগ্ৰেছ নেতা সুবোল ভৌমিকে কয়, ‘‘দুৰ্গা পূজাত মুখ্য মন্ত্ৰীৰ পুত্ৰক বন্দুকৰ সৈতে দেখা গৈছে। এখন ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।’’

‘‘সাধাৰণ মানুহৰ বাবে এয়া ভয়াবহ। মুখ্য মন্ত্ৰীৰ পুত্ৰই ক’ত বন্দুক পালে আৰু ইয়াৰ অনুজ্ঞাপত্ৰ আছে নে নাই সেই কথা নিশ্চিত কৰাৰ বাবে আমি ঘটনাৰ তদন্তৰ বাবে দাবী কৰিছো,’’ ভৌমিকে কয়।

আনহাতে, মুখ্য মন্ত্ৰীৰ পুত্ৰ হোৱা বাবেই আৰক্ষীয়ে কোনোধৰণৰ কাৰ্য্যব্যৱস্থা হাতত লোৱা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

‘‘কোনোধৰণৰ তদন্ত ঘোষণা হোৱা নাই কাৰণ তেওঁ মুখ্য মন্ত্ৰীৰ পুত্ৰ,’’ ভৌমিকে পুনৰ কয়।

তদুপৰি, বিৰোধী দলে ৰাজ্য চৰকাৰ আৰু মুখ্য মন্ত্ৰীৰ বিপক্ষে ছ’চিয়েল মিডিয়াত কোনো কথা প্ৰচাৰ কৰিলেই আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অত্যাচাৰ চলাই বুলিও অভিযোগ কৰে ভৌমিকে।

‘‘নিয়ম অনুসৰি কোনো নাগৰিককে পৰিসেৱাৰ অন্তৰ্ভুক্ত অস্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়া নহয়, মই ঘটনা সন্দৰ্ভত জ্ঞাত নহয়,’’ সহকাৰী মহাপৰিদৰ্শক সুব্ৰত চক্ৰৱৰ্তীয়ে জনায়।

কংগ্ৰেছ নেতা ভৌমিকৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ত্ৰিপুৰা বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্য্যই কংগ্ৰেছে ৰাজ্যখনত নিজৰ পৰিছয় হেৰুৱাই ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰিছে বুলি কয়।

Related News