NORTHEAST NOW (Assamese)
অসম

পাঞ্জাৱী, জাটসকলৰ বুদ্ধি নাই! জাতিবিদ্বেষী মন্তব্যৰে পুনৰ বিতৰ্কত ত্রিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 10:19 am
States-Oct8-3

আকৌ এবাৰ বিতৰ্কিত মন্তব্যৰে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেব। এইবাৰ তেওঁ কৈছে পাঞ্জাৱী আৰু জাটসকলৰ শাৰীৰিক শক্তি থাকিলেও মূৰত বুদ্ধি নাই।

দেওবাৰে আগৰতলা প্ৰেছ ক্লাৱত মুখ্য মন্ত্ৰী বিপ্লৱ দেবে ভাষণ দিছিল।

তেওঁৰ ৪৫ মিনিটজোৰা ভাষণৰ ৪১মিনিট ঠিকে ঠাকে পাৰ হৈ গ’ল। পিচে, অন্তমি চাৰি মিনিটৰ ভাষণত জাতিক ধৰি কৰা আমোদে মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ বাবে মাতি আনিলে বিপদ।

বিপ্লৱ দেবে কয় যে পাঞ্জাৱী, জাটসকলৰ কেবল শৰীৰত শক্তি আছে। কিন্তু সকলোৱে জানে তেওঁলোকৰ মূৰত বুদ্ধি নাই। আকৌ বঙালীৰ আছে বুদ্ধিৰ বল। শক্তিৰে বাচিব পৰা নাযায়, বাচিবলৈ হ’লে বুদ্ধিৰ প্ৰয়োজন। বঙালীৰ সৈতে বুদ্ধিত কোনোৱে ফেৰ মাৰিব নোৱাৰে।

সাংবিধানিক পদত থকা এগৰাকী মুখ্য মন্ত্ৰীৰ মুখত এনেধৰণৰ মন্তব্য অতি কুৰুচিপূৰ্ণ, হঠকাৰী, দুৰ্ভাগ্যজনক তথা জাতিবিদ্বেষী বুলি কংগ্ৰেছে সমালোচনা কৰিছে।

কংগ্ৰেছৰ মতে, ত্ৰিপুৰাৰ বহু লোক অধ্যয়ন বা চাকৰিসূত্ৰে পাঞ্জাৱ বা দিল্লী হাৰিয়ানাৰ জাট অধ্যুষিত অঞ্চলত থাকে। মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ মন্তব্যই তেওঁলোকক বিপদৰ মুখত পেলাব পাৰে।