NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

June 10, 2020 8:41 am · এন ই নাও নিউজ

ত্ৰিপুৰাত ৯ জুনত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হয়।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনোৱা অনুসৰি ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ৰোগী গৰাকী হাইপাৰ টেনশ্যনটো ভূগি আছিল।

ত্ৰিপুৰাৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ৰোগী গৰাকী পশ্চিম ত্ৰিপুৰা জিলাৰ।

মৃত্যু হোৱা লোক গৰাকী বিশ্ব কুমাৰ দেৱবাৰ্মা বুলি চিনাক্ত কৰা হৈছে।

মুখ্য মন্ত্ৰী দেৱে ৰাজ্যখনৰ চিকিৎসক সকলে দেৱবাৰ্মাক বচোৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও অৱশেষত সফল নহ’ল বুলি মত ব্যক্ত কৰে।

মঙলবাৰৰ দিনটোত ত্ৰিপুৰাত পুনৰ ২৬ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ত্ৰিপুৰাত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৮৬৭ গৰাকীলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত বৰ্তমান ৬৪৪ গৰাকী ব্যক্তি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু বাকী সকল ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

Related News