NORTHEAST NOW (Assamese)
অসম

মোবাইল ফোন নোপোৱাৰ বেদনাত অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 1:19 pm

ত্ৰিপুৰাৰ এগৰাকী অতি দুখীয়া ঘৰৰ স্কুলীয়া ছাত্ৰীয়ে বৃহস্পতিবাৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ছাত্ৰীগৰাকীয়ে অনলাইন ক্লাছ কৰিবলৈ ঘৰৰ পৰা এটি মোবাইল ফোন বিচাৰিছিল। পিতৃয়ে মোবাইল ফোনটো কিনি দিব নোৱাৰাত ছাত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত লয়।

এই ঘটনাটো সংঘটিত হৈছে চেপাহিজালা জিলাৰ সোনামুৰা মহকুমাৰ অন্তৰ্গত থাকুমুৰা অঞ্চলত।

অষ্চম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰীগৰাকীৰ পিতৃগৰাকীৰ নাম হৈছে ফুলু নামা। পিতৃ ফুলু এগৰাকী শ্ৰমিক।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ ফলত কাম-কাজ বন্ধ হৈ পৰাত আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হয় ফুলুৰ পৰিয়ালটো।

যোৱা কিছুদিনৰ পৰা ছাত্ৰীগৰাকীয়ে অনলাইন ক্লাছত অংশ লোৱাৰ বাবে নিজৰ পিতৃক এটা এন্দ্ৰইড পোন কিনি দিবলৈ অনুৰোধ কৰি আছিল।

কিন্তু আৰ্থিক সংকটো জুৰুলা কৰা পিতৃয়ে নিজৰ কন্যাক ফোনটো কিনি দিব নোৱাৰা বাবেই ছাত্ৰীগৰাকীয় বৃহস্পতিবাৰে ফাঁচি লগাই আত্মহত্যা কৰে।

উল্লেখ্য যে, ত্ৰিপুৰাত মোবাইল ফোনৰ বাবে আত্মহত্যা কৰা এইটো দ্বিতীয়টো ঘটনা।

কিছুদিন পূৰ্বে এজন লোকে নিজৰ কন্যাক অনলাইন ক্লাছৰ বাবে মোবাইল ফোন কিনি দিব নোৱাৰৰ দুখত আত্মহত্যা কৰিচিল।