NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত নিজৰ ৩ বছৰীয়া কন্যাক হত্যা কৰি মহিলাৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 3:49 pm
murdersuicidegraphic-570x320

এগৰাকী ৩৫ বছৰীয়া মহিলাই নিজৰ ৩ বছৰীয়া কন্যাক ডিঙি চেপি হত্যা কৰাৰ পিছত নিজেও আত্মহত্যা কৰা ঘটনাই ত্ৰিপুৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত মহিলা গৰাকীক জ্যোস্না সাহা বুলি চিনাক্ত কৰা হৈছে, তেওঁ পশ্চিম ত্ৰিপুৰা জিলাৰ আৰালিয়াৰ মধ্যপাৰা অঞ্চলৰ বাসিন্দা।

জানিব পৰা মতে মহিলা গৰাকীৰ স্বামী হৰি ভক্ত সাহাই প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰে। হৰি ভক্ত এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক।

কিয় মহিলা গৰাকীয়ে নিজৰ সন্তানক হত্যা কৰি নিজে আত্মহত্যা কৰাৰ পথ বাচি ল’লে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ওচৰ চুবুৰীয়া লোকৰ মতে স্বামীৰ পৰা প্ৰায়ে পাই অহা অত্যাচাৰৰ বাবেই তেওঁ এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল।

নিহত মহিলা গৰাকীৰ মাক-দেউতাকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হৰি ভক্ত সাহাক সোধা-পোচাৰ বাবে আটক কৰিছে।