NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ ঢলাই জিলাক ৰে’ড জ’ন ঘোষণা

May 5, 2020 4:18 pm · এন ই নাও নিউজ

ত্ৰিপুৰাৰ ঢলাই জিলাক সোমবাৰে ৰে’ড জ’ন হিচাপে ঘোষণা কৰা হয়।

পূৰ্বে ঢলাই জিলা গ্ৰীণ জ’নত আছিল। বিগত দুটা দিনত ১৪ গৰাকী বি এছ এফ জোৱানৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ঢলাই জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰা হয়।

সোমবাৰে ত্ৰিপুৰা ৰাজ্যিক সচিৱালয়ত অনুষ্ঠিত এখন সংবাদমেলত ত্ৰিপুৰাৰ আইন মন্ত্ৰী ৰতন লাল নাথে এই কথা ঘোষণা কৰে।

‘‘ত্ৰিপুৰাৰ ঢলাই জিলাৰ ৩৩৪ গৰাকী ব্যক্তিক ক’ৰ’নাৰ পৰীক্ষাৰ বাবে চিনাক্ত কৰা হৈছে,’’ সংবাদমেলত ৰতন লালে কয়।

চিনাক্ত কৰা ৩৩৪ গৰাকী ব্যক্তিৰ ভিতৰত বৰ্তমানলৈ ৩৪ গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১২ গৰাকীৰ ফলাফল পজিটিভ আহিছে বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদমেলত সদৰি কৰে।

সোমবাৰে ১৭৯ টা নমুনা পৰীক্ষা কৰা হয় যদিও বৰ্তমানলৈ ফলাফল আহিব বাকী আছে।

মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক বুলি উল্লেখ কৰি জনসাধাৰণক এই সম্পৰ্কত অধিক শংকিত নহব’লৈ আহ্বান জনায়।

আনহাতে, বি এছ এফৰ তৰফৰ পৰা তেওঁলোকৰ জোৱান সকল ক’ৰ’নাত আক্ৰান্ত হোৱা বিষয়টো সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে বুলি ৰতন লালে জানিবলৈ দিয়ে।

Related News