NORTHEAST NOW (Assamese)
Popular Stories

বিজয় মুখ্যমন্ত্ৰী হোৱাৰ পিছতে মুখ খুলিলে তৃষাই; ‘জন নয়াগন’ৰ মুক্তিৰ তাৰিখ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2026 12:35 pm

অৱশেষত মুখ খুলিলে অভিনেত্ৰী তৃষা কৃষ্ণনে। চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ শপত গ্ৰহণ অনুষ্ঠানত তৃষা উপস্থিত থাকে। অনুষ্ঠানৰ পিছত ওলাই আহি লাজ লাজ ভাৱেৰে মিচিকিয়া হাঁহি মাৰি তৃষাই কয়, “অভিনন্দন বিজয়। মই বৰ সুখী।”

বিজয়ৰ সমৰ্থকৰ বাবে কিবা বাৰ্তা আছে নেকি বুলি সোধাত তৃষাই কয় যে ‘অভিনন্দন’।

তৃষাই নীলা ৰঙৰ কাঞ্জিভৰম শাৰী আৰু মূৰত খৰিকাজাইৰ মালা পিন্ধিছিল। তেওঁ মাতৃ উমা কৃষ্ণনৰ সৈতে অনুষ্ঠানলৈ আহিছিল। বিজয়ৰ মাক-দেউতাকৰ লগতো তেওঁ সৌজন্য বিনিময় কৰে। ১৪ মে’ত মুক্তি পাব তৃষাৰ নতুন ছবি ‘কৰুপ্পু’, য’ত তেওঁৰ সৈতে আছে সূৰ্য।

অহা দুসপ্তাহৰ ভিতৰত ছবিগৃহলৈ আহিব তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ‘জন নয়াগন’। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে বিজয়ৰ শপত গ্ৰহণ অনুষ্ঠান নিশ্চিত কৰি প্ৰযোজক ভেংকট কে নাৰায়নে কয় যে, “চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন (চিবিএফচি)ৰ সৈতে চূড়ান্ত প্ৰক্ৰিয়া চলি আছে। আমি অতি সুখী। ১৪ দিনৰ পিছত ছবিখন মুক্তি পাব।”

‘জন নয়াগন’ বিজয়ৰ অন্তিমখন ছবি – তাৰ পিছত তেওঁ পূৰ্ণকালীন ৰাজনীতিত প্ৰৱেশ কৰিব। এইচ বিনোদৰ পৰিচালনাৰে তেলেগু ছবি ‘ভগৱন্ত কেশৰী’ৰ এই ৰিমেক ছবিখনত অভিনয় কৰিছে পূজা হেগড়ে, ববি দেওল, প্ৰকাশ ৰাজ, মমিথা বাইজুৱে।

প্ৰযোজকৰ মতে, “মই বিজয় ছাৰক ব্যক্তিগতভাৱে চিনি পাওঁ – অনুশাসিত, প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ যি কয় তাকেই কৰে।” শেহতীয়াকৈ ছবিখনৰ কিছু অংশ অনলাইনত ফাদিল হৈছিল। এই ঘটনাত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।