NORTHEAST NOW (Assamese)

কলিয়াভোমোৰা সেঁতুত দুৰ্ঘটনাত পতিত ট্ৰাক উদ্ধাৰ, সন্ধান নাই চালক-হেণ্ডিমেনৰ

November 23, 2021 8:18 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ মাজত কলিয়াভোমোৰা সেঁতুত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্ত বৰ্তমানেও চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰিবলৈ সক্ষম নহল SDRF আৰু NDRF বাহিনী।

কালি নিশা প্ৰায় ১.৩০ মান বজাত কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিছিল ট্ৰাকখন। ট্ৰাকখনৰ চালক আৰু হেন্দিমেনৰ কোনো সন্ধান পোৱা হোৱা নাছিল।

NDRF আৰু SDRF দলে ট্ৰাকখন নদীত বাগৰি পৰা বুলি নিশ্চিত কৰাৰ পিছত উদ্ধাৰ অভিযানত ভাগ লৈছিল। লগতে ভাৰতীয় সেনাৰ দলেও উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছিল।

দুৰ্ঘটনাত পতিত ট্ৰাক খন নগাঁও দিশৰ পৰা তেজপুৰ দিশলৈ আহি আছিল বুলি অনুমান কৰা হৈছিল।

আনহাতে, নিশাৰ কলীয়াভোমোৰা সেঁতু কিমান সুৰক্ষিত সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কলীয়াভোমোৰা সেঁতুত থকা ষ্ট্ৰীট লাইট বিগত কেইবাবছৰো ধৰি বিকল হৈ আছে।

Related News