NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ, এজনক গ্ৰেপ্তাৰ

Posted by: ৰিনয় বসুমতাৰী March 28, 2019 8:08 am

বুধবাৰে কোকৰাঝাৰ জিলাত আবকাৰী বিভাগে এক অভিযান চলাই এক ট্ৰাক অবৈধ সুৰা জব্দ কৰে। কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুণগাঁও অঞ্চলত আবকাৰী বিভাগে সুৰা ভৰ্তি ট্ৰাকখনক আটক কৰে।

আবকাৰী বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি জব্দ কৰা সুৰাখিনিৰ মূল্য ৩ লাখ টকাতকৈ অধিক হ’ব।

আবকাৰী পৰিদৰ্শক মুৰলী কৌলিয়ে জনাই যে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আবকাৰী বিভাগৰ এটা দলে এ এছ ০১ কে চি ১৮৩৫ নম্বৰৰ ট্ৰাকখনক আগভেটি ধৰাত অৰুণাচল প্ৰদেশৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ সুৰাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনা সংক্ৰান্তত অদিল আলী নামৰ ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, জব্দ কৰা সুৰাসমূহ ধুবুৰীলৈ আনি থকা হৈছিল বুলি জানিব পৰা গৈছে।