NORTHEAST NOW (Assamese)
অসম

অবৈধ সৰবৰাহৰ চেষ্টাঃ যোৰাবাটত জব্দ গৰু ভৰ্তি ট্ৰাক, তিনিজনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2024 5:14 pm
transporting cattle illegally seized

গুৱাহাটীৰ সমীপৰ যোৰাবাটত আজি অসম আৰক্ষীয়ে জব্দ কৰিছে অবৈধভাৱে সৰবৰাহ কৰা এখন গৰু ভৰ্তি ট্ৰাক।

জব্দকৃত ট্ৰাকখনত প্ৰায় ১০টা গৰু পোৱা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, যোৰাবাটৰ অসম-মেঘালয় সীমান্তৰ সমীপত নিয়মীয়া পৰীক্ষাৰ সময়ত জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন।

বাহনখনৰ পঞ্জীয়ন নম্বৰ  AS-21C-9386 বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

কোনো উপযুক্ত নথি-পত্ৰৰ অবিহনে বাহনখনত গৰুসমূহ অবৈধভাৱে পৰিবহণ কৰা হৈছিল বুলি আৰক্ষীয়ে লগতে কয়।

বাহনখনৰ চালক ছাদ্দাম হুছেইন (২৩) আৰু দুজন সহযোগী জিয়াউল হক (২২) আৰু ইউনুছ আলী (২৬)ক আটক কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত বিশদ তথ্য উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।