NORTHEAST NOW (Assamese)

ট্ৰাম্পে ইজৰাইলক দিলে ৯০০ কেজিৰ বোমা! পুনৰ নেতানিয়াহুৱে আক্ৰমণ কৰিব নেকি হামাছক?

February 18, 2025 6:00 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলক ২০০০ পাউণ্ড (৯০৭ কিলোগ্ৰাম) বোমা যোগান ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সেই নিষেধাজ্ঞা উঠাই দিলে। কেৱল সেয়াই নহয়, ইজৰাইলক বোমা গতাই দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হোৱা বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। আৰু বহুতে এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ যুদ্ধৰ সম্ভাৱনা দেখিবলৈ পাইছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছৰে পৰা দুয়োপক্ষৰ মাজত সংঘাতই মাৰাত্মক ৰূপ ধাৰণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনত বহু লোকৰ মৃত্যু হৈছিল। সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস কৰিবলৈ তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে ৯০০ কিলোগ্ৰামৰ বোমা যোগান ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ট্ৰাম্পে এই বোমা যোগানৰ সেউজ সংকেত দিয়াৰ লগে লগে আন্তৰ্জাতিক সমাজ পুনৰ বিপদৰ আশংকাত ভুগিছে।

দুয়োখন দেশৰ সন্মতি সাপেক্ষে চলি আছে যুদ্ধবিৰতি। একে সময়তে যুদ্ধবন্দীক ঘূৰাই অনাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ হামাছে কেইবাজনো পণবন্দীক কেইবাটাও পৰ্যায়ত মুকলি কৰি দিছে। ইজৰাইলেও ক্ৰমান্বয়ে নিজৰ হাতত থকা পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিছে। অৱশ্যে এই পৰিস্থিতি কিমান দিনলৈ চলিব তাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে নেতানিয়াহুৱে ইতিমধ্যে হামাছক সকীয়াই দিছে। সেয়েহে পুনৰ সংঘাতৰ সূচনা হব পাৰে বুলি বহুতে চিন্তিত হৈ পৰিছে। আৰু সেই আশংকা বহুগুণে বৃদ্ধি পাইছে ইজৰাইলক আমেৰিকাৰ বোমা যোগান ধৰাৰ ক্ষেত্ৰত ট্ৰাম্পে দিয়া ৰেহাইৰ ফলত।

কাকতলীয়াকৈ কবলৈ গলে ইজৰাইলে হিজবুল্লাহ আৰু হামাছৰ বিৰুদ্ধে সংঘাতত ব্যৱহাৰ কৰা শক্তিশালী অস্ত্ৰ দুটা আমেৰিকাই যোগান ধৰিছিল। এই দুটা সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে সৰ্বাধিক ব্যৱহৃত অস্ত্ৰ আছিল আমেৰিকাৰ এম কে-৮৪ বোমা আৰু হেলফায়াৰ মিছাইল। কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিগত এটা বছৰত আমেৰিকাই ইজৰাইলক ১৪ হাজাৰ এম কে-৮৪ বোমা যোগান ধৰিছে। এতিয়াও ১৮০০টা বোমা ডেলিভাৰী কৰিবলৈ বাকী আছে। এই দুটা সামৰিক অস্ত্ৰৰ উপৰিও ইজৰাইলে যুদ্ধ বিমান এফ-৩৫, এফ-১৬, আৰু এফ-১৫ ব্যৱহাৰ কৰি আছে।

Related News