NORTHEAST NOW (Assamese)
Popular Stories

ট্ৰাম্পে মেল’নীক দিলে ১০০ শতাংশ বাণিজ্যিক চুক্তিৰ প্ৰতিশ্ৰুতি, ইউৰোপৰ প্ৰতি হৈছে নৰম…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2025 4:15 pm

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত ট্ৰাম্পৰ সুৰ কোমল হৈ পৰে। বিশ্বজুৰি শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউৰোপীয় সংঘৰ সৈতে ১০০ শতাংশ বাণিজ্যিক চুক্তি সম্ভৱ বুলি উল্লেখ কৰিছে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাৰ্তা হৈছে এই ক্ষেত্ৰত কোনো খৰখেদা কৰা উচিত নহয়। মন কৰিবলগীয়া যে, ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰি ৯০ দিনৰ মৰেটৰিয়াম জাৰি কৰাৰ পাছত ট্ৰাম্পে প্ৰথমবাৰৰ বাবে ইউৰোপীয় ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰিছে।

যোৱা শুকুৰবাৰে হোৱাইট হাউছত ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় ডনাল্ড ট্ৰাম্প। তাত কঠোৰ শুল্ক নীতি থকাৰ পাছতো তেওঁ মেল’নীক কয়, “বাণিজ্যিক চুক্তি হ’ব, ১০০ শতাংশ। কিন্তু ই ন্যায্য হ’ব।”

ইউৰোপীয় সংঘৰ ২৭খন দেশৰ সৈতে হোৱা চুক্তিৰ আশ্বাস দি ট্ৰাম্পে কয় যে যদিহে কোনো চুক্তি হয় তেন্তে আমেৰিকাৰ ক্ষতি কৰা কোনো চুক্তি তেওঁ মানি নলয়। ৯০ দিনৰ মৰেটৰিয়াম উঠাই লবলৈ কোনো লৰালৰি কৰা হোৱা নাই বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে কয় যে, ‘‘সকলোৱে আমেৰিকাৰ সৈতে চুক্তি কৰিব বিচাৰে। কিন্তু যদি কোনেও নিবিচাৰে তেন্তে আমি তেওঁলোকৰ সৈতে চুক্তি কৰিম।”

উল্লেখ্য যে, ইউৰোপীয় সংঘৰ বাণিজ্যৰ দৃষ্টিকোণৰ পৰাও মেল’নী আৰু ট্ৰাম্পৰ এই বৈঠক যথেষ্ট তাৎপৰ্যপূৰ্ণ। বৰ্তমান ইটালী বিশ্বৰ চতুৰ্থ বৃহত্তম ৰপ্তানিৰ দেশ। তেওঁলোকৰ মুঠ ৰপ্তানিৰ ১০ শতাংশ আমেৰিকালৈ যায়। আমেৰিকাৰ শুল্কৰ বোজাৰ মাজতে মেলানিয়াৰ বাবে ট্ৰাম্পৰ বৈঠক নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে আমেৰিকাৰ শুল্কৰ ক্ষোভৰ মাজতে ইউৰোপীয় সংঘৰ আন কোনো নেতাই ট্ৰাম্পৰ সৈতে সাক্ষাৎ নকৰে। ফলত মেল’নীৰ সাক্ষাৎকাৰে তেওঁলোকৰ অস্বস্তি বঢ়াইছে। ইউৰোপীয় সংঘৰ বহু নেতাই মেল’নীৰ বৈঠকক ইউৰোপীয় সংঘৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰিছে। অৱশ্যে ইটালীয়ে দাবী কৰিছে যে এই বৈঠকে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ মাজত আলোচনাৰ পথ মুকলি কৰিব।

ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পিছত জৰ্জিয়া মেলনীয়ে এক বিবৃতিত কয় যে, ‘আটলাণ্টিকৰ দুয়োপাৰৰ মাজত কিছু সমস্যা আছে যদিও আমি একেলগে বহি সমাধান বিচাৰি উলিওৱাৰ সময় আহি পৰিছে। তেওঁ কয় যে ট্ৰাম্পৰ লক্ষ্য হৈছে পাশ্চাত্যক পুনৰ মহান কৰি তোলা। আৰু তেওঁ (ট্ৰাম্প) বিশ্বাস কৰে যে আমি একেলগে সেই লক্ষ্যত উপনীত হব পাৰো। মেলনীয়ে ডনাল্ড ট্ৰাম্পকো ৰোমলৈ আহিবলৈ আমন্ত্ৰণ জনায়।’