NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বীক বৰ্খাস্ত কৰিলে  ট্ৰাম্পে; দায়িত্বত আনিলে অৱসৰপ্ৰাপ্ত বিষয়াক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2025 12:28 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী চেয়াৰমেন অফ জইন্ট চীফ অফ ষ্টাফ জেনেৰেল চাৰ্লছ কিউ ব্ৰাউনক বৰ্খাস্ত কৰিছে। লগতে একেদিনাই আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নৌসেনাৰ মুৰব্বী এডমিৰেল লিজা ফ্ৰেঞ্চেট্টি আৰু বায়ুসেনাৰ ভাইচ চীফ জেনেৰেল জেমছ স্লিফক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

আন্তৰ্জাতিক সংবাদ সংস্থাই শনিবাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। জেনেৰেল চাৰ্লছ কিউ ব্ৰাউনৰ ঠাইত ট্ৰাম্পে বায়ুসেনাৰ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জন ডান কেইনক নিযুক্তি দিছে। এয়া এক অভূতপূৰ্ব ঘটনা। কাৰণ এই সামৰিক বিষয়াজনক অৱসৰৰ পৰা ঘূৰাই অনা হৈছে আৰু তেওঁ আনকি চাৰি তাৰকাযুক্ত জেনেৰেলও নহয়।

শুকুৰবাৰে স্থানীয় সময় অনুসৰি নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে জেনেৰেল চাৰ্লছ কিউ ব্ৰাউনক “ভাল ভদ্ৰলোক” আৰু “ব্যতিক্ৰমী নেতা” বুলি উল্লেখ কৰে। তেওঁ আৰু কিছু সামৰিক বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব বুলিও ইংগিত দিয়ে।

ট্ৰাম্পে লিখিছে, “মই প্ৰতিৰক্ষা মন্ত্ৰী হেগছেথক আৰু পাঁচজন জ্যেষ্ঠ বিষয়াৰ মনোনয়ন চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিছো। যিটো অতি সোনকালে ঘোষণা কৰা হ’ব।”

নৌসেনাৰ মুৰব্বী লিজা ফ্ৰাঞ্চেট্টি আছিল আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী জইন্ট চীফ অফ ষ্টাফ আৰু নৌসেনাৰ প্ৰথমগৰাকী মহিলা মুৰব্বী। ২০২৪ চনতে ট্ৰাম্পৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই সামৰিক বিষয়াগৰাকীক সমালোচনা কৰিছিল। এগৰাকী মহিলাক নৌসেনাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াত তেওঁ অসন্তুষ্ট হৈ পৰিছিল।

যোৱা নৱেম্বৰ মাহত ৰয়টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ট্ৰাম্প প্ৰশাসনে সশস্ত্ৰ বাহিনীৰ শীৰ্ষত বৃহৎ সাল-সলনিৰ পৰিকল্পনা কৰিছে। এতিয়া জনা গৈছে যে ব্ৰাউনকে ধৰি কেইবাজনো শীৰ্ষ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।