NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ ইউক্ৰেইন দখল কৰিবলৈ চেষ্টা কৰিলে ৰাছিয়াৰ পতন ঘটিব; ট্ৰাম্পে সকীয়ালে পুটিনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2025 2:23 pm
সমগ্ৰ ইউক্ৰেইন দখল কৰিবলৈ চেষ্টা কৰিলে ৰাছিয়াৰ পতন ঘটিব; ট্ৰাম্পে সকীয়ালে পুটিনক

ইউক্ৰেইনৰ চহৰসমূহত আক্ৰমণ অব্যাহত ৰখাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক “পাগল” (absolutely crazy) বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে লগতে সকীয়াই দিয়ে যে যদি পুটিনে ইউক্ৰেইনক সম্পূৰ্ণৰূপে দখল কৰিব বিচাৰে তেন্তে সেয়াই হ’ব ৰাছিয়াৰ “পতনৰ কাৰণ”।

সোমবাৰে (২৬ মে’) ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, দেওবাৰে (২৫ মে’) তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত এটা পোষ্টত ট্ৰাম্পে লিখিছে, ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মোৰ সদায় বহুত ভাল সম্পৰ্ক আছিল, কিন্তু তেওঁৰ কিবা এটা হৈছে, তেওঁ এতিয়া সম্পূৰ্ণ পাগল হৈ পৰিছে!’

তেওঁ লগতে লিখিছে, “মই সদায় কৈ আহিছো যে তেওঁ কেৱল এটা অংশ নহয়, সমগ্ৰ ইউক্ৰেইন বিচাৰে। হয়তো মোৰ কথাবোৰ এতিয়া সঠিক বুলি প্ৰমাণিত হৈছে। কিন্তু যদি তেওঁ তেনেকুৱা কৰে তেন্তে সেয়া হ’ব ৰাছিয়াৰ পতনৰ আৰম্ভণি!”

ইপিনে, নিউ জাৰ্ছিৰ মৰিছটাউনৰ বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ‘পুটিনে যি কৰিছে তাত মই সুখী নহয়। তেওঁ বহু লোকক হত্যা কৰি আছে। এইটো মই একেবাৰে ভালকৈ লোৱা নাই। পুটিনৰ কি হৈছে মই নাজানো।’

দেওবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহত ৩৬৭টা ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়, যিটো যুদ্ধৰ এতিয়ালৈকে সৰ্ববৃহৎ বিমান আক্ৰমণ। ৰাজধানী কিয়েভকে ধৰি বিভিন্ন চহৰত সংঘটিত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।

শেহতীয়াকৈ ট্ৰাম্পে তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ দুয়োপক্ষৰ মাজত যুদ্ধবিৰতিৰ আহ্বান জনাইছে। যোৱা সপ্তাহত তেওঁ পুটিনৰ সৈতে দুঘণ্টাৰো অধিক সময় ফোনত কথা পাতিছিল।