NORTHEAST NOW (Assamese)

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 27, 2026 11:34 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ সকীয়নি দিছে যে যদি ইউৰোপীয় দেশসমূহে আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ ওপৰত ডিজিটেল সেৱা কৰ আৰোপ কৰে তেন্তে সংশ্লিষ্ট দেশসমূহৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ আমদানি শুল্ক আৰোপ কৰা হ’ব। তেওঁৰ মন্তব্যৰ পিছতে আমেৰিকা আৰু ইউৰোপৰ মাজত নতুন বাণিজ্যিক সংঘাতৰ আশংকা দেখা দিছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে অভিযোগ কৰে যে ইউৰোপৰ কেইবাখনো দেশে অতি শীঘ্ৰে আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ স্পষ্টভাৱে কয় যে যদি এনে পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাই কঠোৰ শুল্ক নীতি গ্ৰহণ কৰিব।

ট্ৰাম্পে লিখিছে, “যদি কোনো দেশে আমেৰিকাৰ কোম্পানীসমূহৰ ওপৰত এনে কৰ আৰোপ কৰে, তেন্তে সেই দেশৰ পৰা আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত শীঘ্ৰেই ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।” এই সিদ্ধান্ত কাৰ্যকৰী হ’লে পূৰ্বৰ কোনো বাণিজ্যিক চুক্তি আৰু প্ৰযোজ্য নহ’ব বুলিও তেওঁ দাবী কৰে।

ইউৰোপৰ কেইবাখনো দেশে বহুদিনৰ পৰা বিচাৰি আহিছে যে যিবোৰ বহুজাতিক প্ৰযুক্তি কোম্পানীয়ে তেওঁলোকৰ দেশত বিপুল ব্যৱসায় কৰি আছে তেওঁলোকে যেন তাতেই উপযুক্ত কৰ প্ৰদান কৰে। এই প্ৰস্তাৱ মূলতঃ অনলাইন বিজ্ঞাপন, ডিজিটেল মাৰ্কেটপ্লেচ আৰু ইণ্টাৰনেট ভিত্তিক সেৱাৰ পৰা পোৱা আয়ৰ ওপৰত এই কৰ আৰোপ কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

এই কৰে মূলতঃ বিশ্বৰ বৃহৎ প্ৰযুক্তি কোম্পানী যেনে মেটা, আলফাবেট (গুগল) আৰু আমাজনৰ দৰে আমেৰিকাৰ কোম্পানীসমূহ সামৰি ল’ব। আমেৰিকাৰ দাবী যে এনে কৰ অন্যায়ভাৱে কেৱল আমেৰিকাৰ কোম্পানীসমূহৰ ওপৰতহে আৰোপ কৰা হৈছে।

আনহাতে, ইউৰোপীয় দেশসমূহে যুক্তি আগবঢ়ায় যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় কৰ ব্যৱস্থাই ডিজিটেল অৰ্থনীতিৰ লগত খোজ মিলাব পৰা নাই। ফলত কোম্পানীয়ে যথেষ্ট টকা উপাৰ্জন কৰা ঠাইত যাতে কৰ পৰিশোধ কৰা হয় তাৰ বাবে নতুন নিয়মৰ প্ৰয়োজন।

বিশেষজ্ঞসকলৰ মতে ট্ৰাম্পৰ এই সকীয়নি কাৰ্যকৰী হ’লে পুনৰ আমেৰিকা আৰু ইউৰোপৰ মাজত শুল্ক যুদ্ধৰ সূচনা হ’ব পাৰে। ইয়াৰ প্ৰভাৱ কেৱল প্ৰযুক্তি খণ্ডতে নহয়, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিশ্ব অৰ্থনীতিতো পৰিব পাৰে। অৱশ্যে ইউৰোপীয় দেশসমূহে এই বিষয়ত আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Related News