NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চীনৰ উপহাৰ চীনতে পেলাই বিমানত উঠিল ট্ৰাম্পৰ সংগীসকল : কি এই বিশেষ নিৰাপত্তা ব্যৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2026 9:37 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া চীন ভ্ৰমণক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিংৰে বৈঠক সামৰি দেশলৈ উভতি অহাৰ সময়ত আমেৰিকাৰ প্ৰতিনিধি দলে চীনৰ পৰা পোৱা সকলো উপহাৰ বিমানত উঠাৰ পূৰ্বেই পেলাই থৈ আহে। আনকি নিৰাপত্তাৰ স্বাৰ্থত ব্যৱহাৰ কৰা সাময়িক ফোনসমূহো তেওঁলোকে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়। আমেৰিকাৰ সংবাদ মাধ্যম মিৰৰ ইউএছ-ৰ এক প্ৰতিবেদনত এই সমগ্ৰ ঘটনাৰ সবিশেষ প্ৰকাশ পাইছে।

সাধাৰণতে ট্ৰাম্পৰ দৰে গুৰুত্বপূৰ্ণ নেতাৰ চীন ভ্ৰমণত নিৰাপত্তা অতি উচ্চ পৰ্যায়ৰ হোৱাটো স্বাভাৱিক। প্ৰতিবেদন অনুসৰি, ট্ৰাম্পৰ সৈতে যোৱা আমেৰিকান প্ৰতিনিধি দলৰ কোনো সদস্যকে নিজৰ ব্যক্তিগত মোবাইল বা লেপটপৰ দৰে বৈদ্যুতিন সঁজুলি চীনলৈ লৈ যাবলৈ দিয়া হোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকক সাময়িকভাৱে কথা পাতিবলৈ বাৰ্নাৰ ফোন নামৰ এবিধ বিশেষ ফোন দিয়া হৈছিল। এই ফোনসমূহ তুলনামূলকভাৱে সস্তা আৰু ইয়াত কোনো আধুনিক সুযোগ-সুবিধা নাথাকে, যাৰ ফলত শত্ৰুপক্ষই ইয়াক হেক কৰিলেও কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব নোৱাৰে। চাইবাৰ নিৰাপত্তাৰ দিশটো লক্ষ্য কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছিল আৰু উভতি অহাৰ পূৰ্বে এই আটাইবোৰ ফোন নষ্ট কৰি পেলোৱা হয়।

কেৱল ফোনেই নহয়, চীন চৰকাৰে ট্ৰাম্প আৰু তেওঁৰ সংগীসকলক দিয়া বিভিন্ন স্মাৰক চিহ্ন আৰু বেজৰ দৰে উপহাৰসমূহো তেওঁলোকে আমেৰিকালৈ ঘূৰাই অনা নাছিল। আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে দীৰ্ঘদিন ধৰি চীনৰ দৰে নিৰ্দিষ্ট কিছুমান দেশৰ ক্ষেত্ৰত এনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰি আহিছে। তেওঁলোকৰ মতে, বাহিৰৰ পৰা অনা বৈদ্যুতিন সঁজুলি বা সামগ্ৰীৰ জৰিয়তে ক্ষতিকাৰক ছফ্টৱেৰ সুমুৱাই দি দেশৰ গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ সম্ভাৱনা থাকে। আনকি মোবাইল ফোন এটা ছুইচ অফ কৰি ৰাখিলেও শত্ৰুপক্ষই তাৰ ওপৰত চকু ৰাখিব পাৰে বুলি চোৰাংচোৱাই আশংকা কৰে। এনে সকলো বিপদৰ পৰা বাচি থাকিবলৈকে আমেৰিকান প্ৰতিনিধি দলে চীনৰ পৰা কোনো বস্তু লগত লৈ অহা নাই।