NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

থাইলেণ্ড-ম্যানমাৰৰ পিছত এইবাৰ আৰ্জেন্টিনা : ৭.৫ ৰিখটাৰৰ ভুঁইকপে কঁপাই গ’ল লেতিন আমেৰিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 8:44 am

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল লেতিন আমেৰিকাৰ দেশ আৰ্জেন্টিনাক। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। কৰ্তৃপক্ষই ছুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ কিছু সময়ৰ ভিতৰতে দেশৰ দক্ষিণ অংশ জোকাৰি গল ভূমিকম্পই। যদিও এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে।

খবৰ অনুসৰি শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৫৮ বজাত এই ভূমিকম্পটো সংঘটিত হয়। ভূমিকম্পৰ উৎপত্তিস্থল দক্ষিণ আৰ্জেণ্টিনাৰ উছুৱায়াৰ পৰা ২১৯ কিলোমিটাৰ দক্ষিণে ড্ৰেক পেচেজ অঞ্চলৰ ১০ কিলোমিটাৰ গভীৰতাত।

উল্লেখ্য যে ভূমিকম্পৰ কেই মিনিটমানৰ পূৰ্বে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। সেই সময়ত উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল।

ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাটাও ভিডিঅ। দেখা গৈছে যে তাত চুনামীৰ ছাইৰেন বাজি আছে। ৰাজপথলৈ ওলাই আহিছে বাসিন্দাসকল। তাৰ পৰ পিছতে কঁপনি অনুভৱ কৰা হল।

মন কৰিবলগীয়া যে যোৱা ২৮ মাৰ্চত ম্যানমাৰত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াৱহ ভূমিকম্পই দলঙ-ৰাস্তা-ঘাটৰ লগতে এটাৰ পিছত এটাকৈ বহুমহলীয়া অট্টালিকা কাৰ্যতঃ ধ্বংস কৰি পেলায়। এই দুৰ্যোগৰ ফলত ম্যানমাৰত প্ৰায় ৩১০০ লোকৰ মৃত্যু হৈছিল। এই ভূমিকম্পৰ পিছত বিশেষজ্ঞ সকলে আশংকা কৰিছিল যে ইয়াৰ পিছত বিভিন্ন অঞ্চলত ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। কাৰ্যত এতিয়া সেয়েই হ’ল।