NORTHEAST NOW (Assamese)
অসম

কাছই পাৰ চৰাই চিকাৰ কৰা কেতিয়াবা দেখিছেনে, চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 3:34 pm
turtle

বিশ্বৰ দীৰ্ঘজীৱী প্ৰাণী সমূহৰ ভিতৰতে অন্যতম কাছ মাংসভোজী নেকি?

https://twitter.com/AmazingScaryVid/status/1305537944128614405?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1305546869318320130%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fzeenews.india.com%2Fviral%2Fturtle-kills-pigeon-in-ninja-like-move-leaves-twitter-shocked-watch-2310288.html

বহুতৰে মনত এনে প্ৰশ্নৰ উদয় হৈ আহিছে। দৰাচলতে কাছ মাংসভোজী প্ৰাণী।

প্ৰজাতি ভেদে কাছই বিভিন্ন ধৰণৰ প্ৰাণী ভক্ষণ কৰে।

সাগৰ, পুখুৰী, নদ-নদী আদিত বাস কৰা কাছই সাধাৰণতে  পানীত থকা মাছ,সৰু পতংগ আদি ভক্ষণ কৰে।

কিন্তু কাছই কেতিয়াবা পাৰ চৰাই ভক্ষণ কৰাৰ কথা শুনিছেনে?

বহুতেই হয়তো এনে ঘটনাৰ কথা শুনা নাই। কিন্তু পুখুৰীৰ পাৰত খাদ্য গ্ৰহণ কৰি থকা পাৰ চৰাইক কাছই ডিঙিত কামোৰ মাৰি পানীৰ তললৈ নিয়াৰ এক বিৰল দৃশ্যৰ ঘটনা পোহৰলৈ আহিছে টুইটাৰত ভাইৰেল হৈ পৰা এক ভিডিঅ’ৰ জৰিয়তে।

Nature Is Scary-এ টুইটাৰত ভাইৰেল কৰা ভিডিঅ’ এটাত দেখা গৈছে যে পানীৰ কাষতে খাদ্য গ্ৰহণ কৰি থকা এটা পাৰ চৰাইক পানীত থকা কাছ এটাই হঠাতে জঁপিয়াই ডিঙিত কামুৰি ধৰে আৰু তৰিৎ গতিৰে পাৰটো সহ পানীত বুৰ মাৰে।

এই ভিডিঅ’ই এতিয়া নেটিজেনসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

ভিডিঅ’টো চাই বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।