NORTHEAST NOW (Assamese)

Supreme Court: টেলিভিচনৰ নিউজ চেনেলৰ বিতৰ্কই আন কাৰকতকৈ সৃষ্টি কৰে প্ৰদূষণ ! কিয় ক’লে উচ্চতম ন্যায়ালয়ে!

November 18, 2021 5:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 18, 2021 6:00 pm

টিভি নিউজ চেনেলসমূহত হোৱা বিতৰ্কৰ ফলত অন্য কাৰণতকৈ অধিক প্ৰদূষণৰ সৃষ্টি হয়!— আদালতত দিয়া বিবৃতিৰ মাজতে উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে সকলোৰে নিজা এজেণ্ডা আছে আৰু এই বিতৰ্কবোৰত প্ৰসংগৰ বাহিৰত এজেণ্ডা অনুসৰি বিবৃতিবোৰ লোৱা হয়।

“এই বিতৰ্কবোৰে কিছুমান বিষয় ব্যৱহাৰ কৰিব বিচাৰে, আমাক পৰ্যবেক্ষণ কৰিব বিচাৰে আৰু তাৰ পিছত ইয়াক বিতৰ্কিত কৰিব বিচাৰে আৰু তাৰ পিছতেই দোষাৰোপৰ খেল খেলে।” ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত বিচাৰপীঠে এইদৰে মন্তব্য কৰে।

বিচাৰপীঠে লগতে কয়, “টিভিত হোৱা বিতৰ্কই যিকোনো লোকতকৈ অধিক প্ৰদূষণ সৃষ্টি কৰিছে। তেওঁলোকে বুজি নাপায় কি হৈ আছে আৰু সমস্যাটো কি। বিবৃতিবোৰ প্ৰসংগৰ বাহিৰত লোৱা হয়। সকলোৰে নিজা এজেণ্ডা আছে।”

দিল্লী আৰু কাষৰীয়া অঞ্চলত বায়ু প্ৰদূষণ সম্পৰ্কীয় এখন আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দূৰদৰ্শনত হোৱা বিতৰ্কৰ কথা উল্লেখ কৰি কয় যে বায়ু প্ৰদূষণত কৃষকসকলে নৰা জ্বলোৱাৰ অৱদানৰ ওপৰত শীৰ্ষ আদালতক বিপথে পৰিচালিত কৰিছিল বুলি টেলিভিচনৰ বিতৰ্কসমূহে দাবী কৰিছে।

কিন্তু শীৰ্ষ ন্যায়ালয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, “আমি কোনোপধ্যেই বিপথে পৰিচালিত কৰা হোৱা নাই। আপুনি প্ৰদূষণৰ ক্ষেত্ৰত নৰা জলোৱাৰ অৱদান ১০ শতাংশ বুলি কৈছিল কিন্তু শপতনামাত উল্লেখ আছে যে ইয়াৰ পৰিমাণ ৩০ ৰ পৰা ৪০ শতাংশ আছিল।”

উল্লেখ্য যে সম্প্ৰতি মূল সুঁতিৰ ইলেক্ট্ৰনিক মিডিয়াত বিতৰ্ক অনুষ্ঠান সমূহে কিছু বিশেষ এজেণ্ডা সমাজত প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠান সমূহকলৈ সততে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News