NORTHEAST NOW (Assamese)
অসম

আগৰতলা বিমান বন্দৰৰ পৰা ভুৱা আধাৰ কাৰ্ডসহ ১২ গৰাকী বাংলাদেশী নাগৰিকক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 1:32 pm

সোমবাৰে আগৰতলা বিমান বন্দৰৰ পৰা ভুৱা আধাৰ কাৰ্ডসহ ১২ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে।

আটকাধীন আটাই কেইগৰাকী বাংলাদেশী নাগৰিককে পিছত বিমান বন্দৰ আৰক্ষী থানাত চমজাই দিয়া হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাংলাদেশীৰ দলটোৱে ৬ই-১১৯ নম্বৰৰ ইণ্ডিগ’ বিমানেৰে আগৰতলাৰ পৰা চেন্নাইলৈ যোৱাৰ উদ্দেশ্যে বিমান বন্দৰত উপস্থিত হৈছিল।

তেওঁলোকে আধাৰ কাৰ্ড দেখুৱাই বিমান বন্দৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।

কিন্তু যেতিয়া তেওঁলোকে ইণ্ডিগ’ কাউণ্টাৰৰ পৰা ব’ৰ্ডাৰিং কাৰ্ড সংগ্ৰহ কৰে তেতিয়া ইণ্ডিগ’ ষ্টাফে পুনৰ এবাৰ তেওঁলোকৰ আধাৰ কাৰ্ড চাব বিচাৰে।

ইণ্ডিগ’ ষ্টাফে তেওঁলোকৰ আধাৰ কাৰ্ড পুনৰীক্ষণ কৰাত এয়া ভুৱা বুলি প্ৰমাণিত হয়।

জানিব পৰা মতে বেলেগৰ নামত পঞ্জীয়ন হৈ থকা আধাৰ কাৰ্ড সমূহত কেৱল মাত্ৰ তেওঁলোকৰ ফটো সংলগ্ন কৰি দিয়া হৈছে।

এই কথা পোহৰলৈ অহাৰ পিছতে ইণ্ডিগ’ ষ্টাফে বাংলাদেশী নাগৰিক কেইজনক বিমান বন্দৰ আৰক্ষীক গতাই দিয়ে।

বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই লোকসকলে চিকিৎসাৰ বাবে চেন্নাইলৈ যাব আহিছিল বুলি আৰক্ষীৰ প্ৰাথমিত তদন্তত পোহৰলৈ আহে।

তেওঁলোকে সোনামুৰা মহকুমাৰ কোনো লোকৰ পৰা ভুৱা আধাৰ কাৰ্ড সমূহ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে কোনো বৈধ নথি-পত্ৰ অবিহনেই আগৰতলাত প্ৰৱেশ কৰিছিল।

আৰক্ষীয়ে এই লোক কেইজনক সোধা পোচা অব্যাহত ৰখাৰ লগতে ভুৱা আধাৰ কাৰ্ড যোগান ধৰা ৰেকেটটোৰ সবিশেষ উদ্ধাৰৰ বাবেও তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে সোনামুৰা হৈছে বাংলাদেশৰ নিকটৱৰ্তী এলেকা।