NORTHEAST NOW (Assamese)
Popular Stories

ৰঞ্জন গগৈক ‘অপমান’ গায়ক বিশাল ডাডলানীৰ; গৰজি উঠিল টুইটাৰকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 2:03 pm

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ কৰা এক বিশেষ টুইটৰ পিছতে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰিছে বলিউডৰ জনপ্ৰিয় গায়ক তথা সংগীত পৰিচালক বিশাল ডাডলানী।

ৰঞ্জন গগৈক সমালোচনা কৰি ডাডলানীয়ে যোৱা ১৮ নৱেম্বৰত এক টুইট কৰিছিল। টুইটটোত গগৈক উদ্দেশ্যি তেওঁ লিখিছিল, ‘বিদায়, প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ, আৰু মই আশা কৰিছো আপুনি এই সন্মানীয় কাৰ্য্যালয়ত এৰি যোৱা লজ্জাজনক আৰু কাপুৰুষালিৰ অধ্যায়ক হজম কৰিব পাৰিব।‘

টুইটটোৰ সৈতে তেওঁ গৌতম ভাতীয়া নামৰ এগৰাকী অধিবক্তাই লিখা এটা প্ৰবন্ধ লিংক কৰি দিয়ে।

গায়ক গৰাকীৰ এই টুইটৰ পিছতে টুইটাৰত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হয়। দুই-এজনে ডাডলানিক সমৰ্থন জনাইছে যদিও বেছিভাগেই তেওঁক তীব্ৰ সমালোচনা কৰা দেখা গৈছে।

আনহাতে বহুতেই ইণ্ডিয়ান আইডলৰ বিচাৰক পদৰ পৰা তেওঁক বহিষ্কাৰ কৰাৰ দাবী তোলাৰ লগতে একাংশই গ্ৰেপ্তাৰৰ দাবী জনায়।

https://twitter.com/wise_monk_grs/status/1197109374226841600

 

যোৱা ১৭ নৱেম্বৰত ৰঞ্জন গগৈয়ে দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পূৰ্বে ৰাম মন্দিৰ, ৰাফেল ক্ৰয় আদি গোচৰ সম্পৰ্কে দি যোৱা ৰায়ক লৈ দেশজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।