NORTHEAST NOW (Assamese)
অসম

মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল দুজনকৈ অভিযুক্ত

Posted by: এন ই নাও নিউজ February 18, 2019 10:28 pm
মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল দুজনকৈ অভিযুক্ত

অসম আৰক্ষীক চৰম অস্বস্তিত পেলাই আজি গুৱাহাটী মহানগৰীত খোদ আৰক্ষীৰ জিম্মাৰ পৰাই দুগৰাকীকৈ অপৰাধী পলাই যাবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে মহানগৰীৰ জালুকবাৰি আৰক্ষী থানা আৰু ভৰলু আৰক্ষী থানাৰ পৰা হাতত হেণ্ডকাফ লাগি থকা অৱস্থাৰ পৰাই অভিযুক্ত দুজনে পলায়ন কৰে।

ইয়াৰে জালুকবাৰি আৰক্ষী থানাৰ পৰা পলায়ন কৰা অভিযুক্ত গৰাকীক ইন্দ্ৰেশ্বৰ ৰাভা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এক ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত জালুকবাৰিৰ স্থানীয় লোকে তেওঁক আৰক্ষীক গতাই দিছিল।

আনহাতে ভৰলু আৰক্ষী থানাৰ পৰা পলায়ন কৰা আন গৰাকী অভিযুক্তক ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটী পানবজাৰস্থিত এম এম চি হস্তপিতালত স্বাস্থ্য পৰীক্ষা কৰাই অনাৰ পিছতে অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

মহানগৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে পলায়ন কৰা অভিযুক্ত লোকদুজনৰ দায়িত্বত থকা আৰক্ষী বিষয়া কেইগৰাকীৰ ওপৰত বিভাগিয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।