NORTHEAST NOW (Assamese)
অসম

আলফা (স্বা)ৰ নামত ধন দাবী কৰি তামুলপুৰত আৰক্ষীৰ জালত দুই যুৱক

Posted by: দীপক কুমাৰ পাঠক November 17, 2018 10:20 pm
Bogus ULFA (I)

আলফা (স্বাঃ)ৰ নামত ধন দাবী কৰাৰ অপৰাধত বাক্সা জিলাৰ তামুলপুৰত তামুলপুৰ আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। ধৃত যুৱক দুজনক ক্ৰমে তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পঠালিকুছিৰ ৰামচৰণ দাসৰ পুত্ৰ কুশল দাস(২৪) আৰু একে গাঁৱৰে যতীন দাসৰ পুত্ৰ জগত দাস (২৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে যুৱক দুজনে তামুলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী অনিল মেধীক নিজকে আলফা(স্বা)ৰ কেডাৰ বুলি পৰিচয় দি যোৱা ৪ নৱেম্বৰত ফোন কৰি পাঁচ লাখ টকাৰ ধন দাবী কৰে।

ইয়াৰ পিছতে অনিল মেধীয়ে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাক তাৎক্ষণিকভাৱে বিষয়টো অৱগত কৰাত আৰক্ষী বিষয়া অসীম বৰা আৰু গান্ধীবাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়োয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ ক্ষিপ্ৰতাৰে অভিযান চলাই শুকুৰবাৰে নিশা তামুলপুৰৰ পঠালিকুছিৰ পৰা কুশল দাসক আটক কৰাৰ বিপৰীতে আজি দুপৰীয়া চাংচাৰীৰ পৰা জগত দাসক আটক কৰে।

আটকাধীন যুৱক দুজনক সম্প্ৰতি জেৰা চলাই থকা হৈছে বুলি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই জানিবলৈ দিয়ে।