NORTHEAST NOW (Assamese)

২.৬ লাখ টকাৰ মূল্যৰ ভুৱা নোট আৰু ভুৱা নোটৰ প্ৰিণ্টাৰসহ গুৱাহাটীত দুজনক গ্ৰেপ্তাৰ

October 11, 2023 5:00 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলৰ পৰা বুধবাৰে মহানগৰ আৰক্ষীৰ এটা দলে ভুৱা ভাৰতীয় মুদ্ৰা নোটৰ (FICN) ৰেকেটৰ সৈতে জড়িত বুলি সন্দেহযুক্ত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

এক সূত্ৰ অনুসৰি পশ্চিম গুৱাহাটী আৰক্ষী বিভাগৰ এটা আৰক্ষী দলে ভুৱা নোট এটা ৰেকেটৰ সৈতে জড়িত দুজন ব্যক্তিৰ বিষয়ে তথ্য লাভ কৰিছিল।

এই তথ্যৰ ভিত্তিত বিশেষ অভিযান গোট (এছ অজি) আৰু জালুকবাৰী আৰক্ষীৰ আৰক্ষীৰ দলটোৱে ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সমীপত অভিযান চলায়।

অভিযানৰ সময়ত তেওঁলোকে লখিমপুৰৰ মফিদুল ইছলাম নামৰ এজন লোকক আটক কৰে। ৰেকেটৰ সৈতে জড়িত বুলি ধৰা পৰাৰ পিছতে অভিযুক্তক অধিক সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়।

অধিক তদন্তৰ বাবে  ধৃত লোকজনক তদন্তকাৰী আৰক্ষীৰ দল এটাই লখিমপুৰৰ লালুকৰ ৰফিক উদ্দিন নামৰ তেওঁৰ সহযোগীজনক আটক কৰাৰ বাবে অভিযান চলায়। তেওঁক গুৱাহাটীৰ উপকণ্ঠৰ মিৰ্জা অঞ্চলত ভাড়াঘৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দুয়ো অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।

 

গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীয়ে এটা ভুৱা ভাৰতীয় নোট প্ৰিন্টিং মেচিন আৰু ৫০০ টকীয়া ৪৩৩ খন ভুৱা নোট উদ্ধাৰ কৰে যাৰ মূল্য ২,১৬,৫০০ টকা।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, নোটসমূহ ভুৱা বুলি নিশ্চিত হলেও মেচিনটো প্ৰকৃত হয় নে নহয় সেয়া নিশ্চিত হোৱা নাই।

Related News