NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত নাহৰফুটুকী ছাল আৰু হাড়সহ আটক দুজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2025 4:47 pm
ডিব্ৰুগড়ত নাহৰফুটুকী ছাল আৰু হাড়সহ আটক দুজনক

জীৱ-জন্তুৰ অংগ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত ডিব্ৰুগড়ৰ মৰাণ অঞ্চলত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ কৰে শুল্ক বিভাগে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন মধুৰাজ্য সোণোৱাল আৰু পংকজ বৰুৱা বুলি জানিব পৰা গৈছে। দুইজনৰে ঘৰ মৰাণ অঞ্চলত।

খবৰ অনুসৰি মৰাণৰ ঘাঁহপুৰীয়া অঞ্চলত নাহৰফুটুকীৰ ছাল আৰু হাড় বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত শুল্ক বিভাগে মধুৰাজ্য সোণোৱালক গ্ৰেপ্তাৰ কৰে।

জেৰাৰ সময়ত মধুৰাজ্য সোণোৱালে এই অপৰাধত পংকজ বৰুৱাও জড়িত থকাৰ কথা স্বীকাৰ কৰে।

ঐয়াৰ পাছতে দেওবাৰে মৰাণ আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত ডিব্রুগড়ৰ মৰাণ অঞ্চলৰ নাহৰণি অঞ্চলৰ পৰা পংকজ বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়৷

শেহতীয়াকৈ পংকজ বৰুৱাই নিজে নিৰ্মাণ কৰা পিঞ্জৰাৰে এটা ঘোং ধৰি বাবেই শিৰোনাম দখল কৰিছিল।

তাৰ আগতেও তেওঁ এটা নাহৰফুটুকী ধৰি বন বিভাগৰ হাতত গতাই দিছিল।জানিব পৰা মতে, দুয়োজন অভিযুক্ত মৰাণ আৰক্ষীৰ জিম্মাত আছে। গোচৰ ৰুজু কৰি অধিক তদন্তৰ বাবে আৰক্ষী আগবাঢ়িছে।