NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’ল ষ্টেশ্যনত গ্ৰেপ্তাৰ হ’ল দুই বাংলাদেশী নাগৰিক

June 11, 2024 7:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মঙলবাৰে গুৱাহাটী ৰে’ল ষ্টেশ্যনত দুজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে, এটা খবৰৰ ভিত্তিত ত্ৰিপুৰা অভিমুখী এখন ৰে’লত তালাচী চলাই ব্যক্তি দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ আগত তেওঁলোকে বাংলাদেশৰ বাগেৰহাটৰ বাসিন্দা চুহাগ গাজী আৰু জাহানাৰা বেগম বুলি পৰিচয় দিয়ে।

সোধপোচ কৰাত আৰক্ষীৰ আগত তেওঁলোকে জনাই যে যোৱা ৭ মে’ত পশ্চিম বংগৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল যুটিটোৱে।

জানিব পৰা মতে, চাকৰিৰ সন্ধানত তেওঁলোকে কৰ্ণাটকৰ বেংগালুৰুলৈ যাত্ৰা কৰিছিল যদিও কোনো উপযুক্ত সুযোগ নোপোৱাৰ বাবে তেওঁলোকে পুনৰ বাংলাদেশলৈ ৰাওনা হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োজনে ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

Related News