NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ত্ৰিপুৰাত ধৃত চোৰাং সোণ সৰবৰাহকাৰী বাংলাদেশী নাগৰিক

Posted by: এন ই নাও নিউজ March 12, 2019 6:33 pm
Gold-Bar

মঙলবাৰে ত্ৰিপুৰাত সোণৰ চোৰাং সৰবৰাহৰ লগত জড়িত দুজন বাংলাদেশী নাগৰিকক হাতে লোতে ধৰা পেলায় কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দলে। অপৰাধী ব্যক্তি দুজনে প্ৰায় ১৬ লাখ টকা মূল্যৰ চোৰাং সোণ কঢ়িয়াই আনিছিল।

এজন বিষয়াই উল্লেখ কৰা মতে সোমবাৰে নিশা বাংলাদেশৰ পৰা অহা আব্দুল ৰতিফ(৫৫) আৰু মিজানুৰ ৰহমান (৪৮) নামৰ দুজন ব্যক্তিয়ে বহু পৰিমানৰ সোণেৰে সৈতে ত্রিপুৰা বিমানবন্দৰৰ পৰা এখন ব্যক্তিগত বিমানযোগে ক’লকাতালৈ যাবলৈ চেষ্টা কৰোতে ধৰা পৰে।

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে অতি তৎপৰতাৰে বিমান বন্দৰত ব্যক্তি দুজনৰ পৰা ১০০ গ্ৰাম ওজনৰ পাঁচখন সোণৰ বিস্কুট জব্দ কৰে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰা নাই যদিও দুয়োজনক আৰক্ষীৰ জিম্মাত ৰাখিছে। বিভিন্ন দিশসমূহ চালি-জাৰি চাই পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলি এজন আৰক্ষী বিষয়াই সদৰী কৰে। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ ক’লকতালৈ অবৈধভাবে বেহা-বেপাৰ চলোৱাৰ বাবে এক সুগম পথ হিচাপে বাংলাদেশী সৰবৰাহকাৰী সকলে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে।