NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

Posted by: মূৰলী বৰুৱা Updated by: মূৰলী বৰুৱা January 16, 2021 8:04 am
IMG-20210115-WA0005

অসম চৰকাৰৰ বন বিভাগৰ বনপালক মহেশ নাথৰ দুখনকৈ গ্ৰন্থ  নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাৰ্চায যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।

বনপালক গৰাকীৰ ‘বাঘ মানেই আতংক নহয়’ আৰু ‘হাতী মানুহৰ সংঘাত’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে সাহিত্যিক সমালোচক প্ৰভাত বৰা আৰু নগাঁও কলেজৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে ।

অধিবক্তা শৰৎ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত অৱসৰপ্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়ো, অধ্যাপক মোহিনী মোহন ডেকা, প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী সুলক্ষণা বৰুৱা ভূঞা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সাংবাদিক জমিৰুদ্দিন তালুকদাৰ আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে সমিতিৰ উপ সভাপতি গিৰীশ চন্দ্ৰ দাসে।