NORTHEAST NOW (Assamese)

বনৰীয়া ম’হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুই শিশু; বন বিভাগে গুলি ফুটাই প্ৰেৰণ কৰিলে বনাঞ্চললৈ

February 11, 2022 7:59 am · কাজি জেইদুল ইছলাম, বিশ্বনাথ
ফটো: নৰ্থইষ্ট নাও।

বিশ্বনাথ ২ নং ভোলাকতাত বৃহস্পতিবাৰে বনৰীয়া মহ’ৰ আক্ৰমণত দুজন ১২ বছৰীয়া শিশু  আহত হয়। তাৰে ছাবেদ আলি নামৰ শিশুটিৰ অবস্থা অধিক গুৰুতৰ হোৱাৰ বাবে শিশুটিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয়।

আনটো শিশু বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বিশ্বনাথৰ পূব ভীৰ গাওঁৰ ১ নং জাপৰিজানত সৰিয়হ খেতিত সোমাই আছিল বনৰীয়া ম’হটো। কিন্তু বন বিভাগৰ লোকে সেই স্থানৰ পৰা বনৰীয়া ম’হটো খেদি পঠিওয়াতে ম’হটো উপস্থিত হয় ২ নং ভোলাকটাত।

লগতে পঢ়ক: অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

তেনে সময়তে দুটি শিশুয়ে নিজৰ ছাগলী এৰাল দিবলৈ গৈছিল ২ নং ভোলাকটাত। সেই সময়তে বনৰীয় ম’হটোয়ে আক্ৰমণ কৰে উক্ত দুই শিশুক।

বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বনৰীয়া ম’হটোক সেই স্থানৰ পৰা ট্ৰেক্টৰ ব্যৱহাৰ কৰি কেইবা জাই গুলি ফুটাই মহটোক বনাঞ্চললৈ খেদি পঠিয়ায় ।

Related News