NORTHEAST NOW (Assamese)
অসম

সৰিয়হৰ ডুলিতে ভুত! গুৱাহাটীত ‘ধন দাবী’ৰ অভিযোগত তদন্তৰ সন্মুখীন দুই আৰক্ষী বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2023 3:42 pm

গুৱাহাটীৰ সাতগাঁও থানাত নিয়োজিত দুই অসম আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ সন্দৰ্ভত তদন্ত চলি থকা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানু আৰু আৰক্ষী সহকাৰী উপ-পৰিদৰ্শক অলকেশ বৰুৱাক পূব গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্তৰ (ডিচিপি) কাৰ্যালয়লৈ ধন দাবীৰ কাণ্ড সন্দৰ্ভত জেৰাৰ বাবে তলব কৰা হয়।  

বাতৰি অনুসৰি, কানু আৰু বৰুৱাই মটৰ চাইকেল চুৰি হোৱা এজন ব্যক্তিৰ পৰা ধন দাবী কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তদন্ত আৰম্ভ হৈছিল।

লগতে পঢ়ক: শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপন ভাৰতৰ চন্দ্ৰযান-৩ৰ; ৪০ দিনৰ যাত্ৰা

জানিব পৰা গৈছে যে এই আৰক্ষী বিষয়া দুজনে চুৰি হোৱা বাইকখন উদ্ধাৰৰ বিনিময়ত ভুক্তভোগীৰ পৰা ৫ হাজাৰ টকা দাবী কৰিছিল।

কিন্তু যেতিয়া ব্যক্তিজনে তেওঁলোকৰ দাবী মানিবলৈ অস্বীকাৰ কৰে তেতিয়া আৰক্ষী বিষয়া দুজনে চুৰিৰ সৈতে জড়িত এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ পিছতে ভুক্তভোগীয়ে বিষয়টো শীৰ্ষ বিষয়াৰ ওচৰলৈ লৈ যায়। তেওঁ অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। তাৰ পিছতে তদন্ত আৰম্ভ হয়।

লগতে পঢ়ক: বানৰ কবলত ৰাজধানী! উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখতো পানী; সেনাৰ সহায় বিচাৰিছে কেজৰিৱালে

উল্লেখ্য যে যোৱা ৫ জুলাইত এটা দলবদ্ধ ধৰ্ষণৰ গোচৰৰ সংক্ৰান্তত নিলম্বন কৰা হৈছিল সহকাৰী উপ-পৰিদৰ্শক অলকেশ বৰুৱাক।